ভাৰতে গাজাৰ এখন চিকিৎসালয়ত ইজৰাইলৰ আক্ৰমণত পাঁচজন সাংবাদিকক হত্যা কৰা ঘটনাক আতংকজনক আৰু গভীৰভাৱে দুখজনকঅ বুলি অভিহিত কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২৫ আগষ্টত গাজাৰ দক্ষিণ অংশৰ খান ইউনিছৰ নাছেৰ হাস্পতালত সংঘটিত হোৱা দুটা আক্ৰমণত সাংবাদিকসহ চাৰিজন স্বাস্থ্যকৰ্মীকে ধৰি মুঠ ২১ জন লোকৰ মৃত্যু হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংঘাতত অসামৰিক লোকৰ মৃত্যুক ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে ইজৰাইল কৰ্তৃপক্ষই এই আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে। সাংবাদিকসকলে ৰয়টাৰ, এছ’চিয়েটেড প্ৰেছ, আল জাজিৰা, মিডল ইষ্ট আই আদি আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত কৰ্মৰ আছিল। এই নিহত এই সংবাদ কৰ্মীসকলৰ ভিতৰত আছিল মৰিয়াম আবু ডাগ্গা (এপি ফ্ৰীলান্সাৰ), মোৱাজ আবু তাহা (ৰয়টাৰৰ ফ্ৰীলান্স অৱদানকাৰী), আৰু মহম্মদ চালামা (আল জাজিৰা)। সেইদিনা খান ইউনিছত সংঘটিত এক সুকীয়া ঘটনাত ষষ্ঠজন সাংবাদিক নিহত হয়।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই ঘটনাক “মৰ্মান্তিক দুৰ্ঘটনা” বুলি অভিহিত কৰি সামৰিক তদন্ত নিশ্চিত কৰে। এই আক্ৰমণৰ ফলত ২০২৩ চনৰ অক্টোবৰ মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিছত গাজাত নিহত হোৱা মুঠ সাংবাদিকৰ সংখ্যা প্ৰায় ২০০ হ’ল। ইজৰাইলে গাজাত আন্তঃৰাষ্ট্ৰীয় সাংবাদিকসকলৰ স্বতন্ত্ৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। হামাছৰ আক্ৰমণৰ পিছত প্ৰথমে ইজৰাইলক সমৰ্থন কৰা ভাৰতে এতিয়া শত্ৰুতা বন্ধ সমাপ্ত কৰাৰ লগতে দুখন ৰাষ্ট্ৰৰ সমাধান, পণবন্দীক মুকলি কৰি দিয়া, গাজাত সম্পূৰ্ণ মানৱীয় প্ৰৱেশৰ আহ্বান জনাইছে।