অৰ্থনৈতিক ক্ষেত্ৰতখনত আমেৰিকা আৰু ইউৰোপৰ দেশ সমূহৰ তুলনাত ভাৰত এতিয়াও হানিমুনৰ পৰ্যায়তেই আছে – শনিবাৰে এই মন্তব্য প্ৰদান কৰে ‘ৱৰ্ল্ড ইক’ন’মিক ফৰাম’ৰ মুৰব্বী বৰ্গে ব্ৰেণ্ডে।
২০২৪ চনৰ ইণ্ডিয়া টুডে কনক্লেভত প্ৰদান কৰা ভাষণত ব্ৰেণ্ডে এই মন্তব্য কৰে। তেওঁ উক্ত ভাষণত এখন দেশৰ অৰ্থনৈতিক সফলতাৰ লগত ইয়াৰ চুবুৰীয়া দেশ আৰু বিশ্বৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে কয়।
ব্ৰেণ্ডেৰ মতে ভাৰতে যিবোৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে সেইবোৰ মূলতঃ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰাই আহিছে যদিও বিশ্বজুৰি দেশখন “হানিমুন পৰ্যায়”তে আছে।
তেওঁ লগতে কয় যে ভাৰতৰ অৰ্থনীতিৰ দ্ৰুত বৃদ্ধিৰ বাবে ইয়াৰ ৰাজনৈতিক স্থিতি শক্তিশালী হ’ব আৰু আগন্তুক বছৰবোৰত দেশৰ অধিক আগুৱাই যাব।
কাৰ্নেগী ইণ্ডিয়াৰ সঞ্চালক ৰুদ্ৰ চৌধুৰীয়ে অৱশ্যে ভাৰত হানিমুন পৰ্যায়ত আছে বুলি একমত নহয় আৰু বিগত কেইটামান বছৰত দেশখনে কেইবাটাও ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি কয়। চৌধুৰীৰ মতে এনে এটা প্ৰত্যাহ্বানৰ ভিতৰত আছিল ৰাছিয়া-ইউক্ৰেইন যুদ্ধ।
কাৰ্নেগী ইণ্ডিয়াৰ সঞ্চালকগৰাকীয়ে লগতে কয় যে ভাৰতে বিগত পাঁচ বছৰত অৰ্থনীতি ক্ষেত্ৰখনত এক শক্তিশালী স্থান লাভ কৰাৰ বাবে ভৱিষ্যতে আন দেশৰ পৰা অধিক সুযোগ পোৱাৰ সম্ভাৱনা আছে।
এই সুযোগসমূহৰ ভিতৰত ভাৰতে আমেৰিকাৰ সৈতে থকা সম্পৰ্ক – কোৱাণ্টাম, এআই আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাৰ পৰা লাভ কৰা সুযোগসমূহ অন্তৰ্ভুক্ত বুলি ৰুদ্ৰ চৌধুৰীয়ে কয়।