T-20 World Cup: অনবদ্য সূৰ্য-বুমৰাহ! আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে ভাৰতে

ফটো সৌজন্যঃ আইচিচি।

আশা কৰা মতেই ভাৰতে আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে। স্ক’ৰব’ৰ্ডত ডাঙৰ ৰান নথকাৰ পাছতো ৰোহিত বাহিনীয়ে মূলতঃ বুমৰাহৰ দমনীয় বলিং শক্তিৰে আফগানিস্তানৰ বেটিঙক চাপত ৰাখি সহজ জয় কাঢ়ি আনে৷

টছত জয়ী হৈ ৰোহিত শৰ্মাই বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু মেচখনৰ তৃতীয় অভাৰৰ পঞ্চম বলত যেতিয়া তেওঁ আউট (৮) হৈছিল, তেতিয়া স্ক’ৰব’ৰ্ডত আছিল মাত্ৰ ১১ ৰান। ধাৰণা হৈছিল প্ৰথমে বেটিং নকৰাটোৱেই ভাল আছিল! কিন্তু পন্থে আহি খৰধৰকৈ খেলখন ঘূৰাবলৈ আৰম্ভ কৰিলে। কিন্তু ভাল আৰম্ভণিৰ অন্তত তেওঁ ৰিভাৰ্ছ ছুইপ (২০, ৪x৪) মাৰিবলৈ গৈ উইকেটটো হেৰুৱালে।

আই পি এলত প্ৰচুৰ ৰান সংগ্ৰহ কৰিলেও বিৰাট কোহলীয়ে এই প্ৰতিযোগিতাত এতিয়াও ৰান কৰিব পৰা নাই। ছুপাৰ এইটৰ মেচ আৰম্ভ হোৱাৰ লগে লগে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। এই বিশ্বকাপত তেওঁৰ বেটৰ পৰা এই খেলখনত প্ৰথম ছয়টো পোৱা গ’ল। কিন্তু শেষত ২৪ ৰান কৰি লং অফত উঠাই মাৰিবলৈ গৈ ধৰা পৰে। কোহলীৰ ষ্ট্ৰাইৰ ৰেটো আছিল এশ শতাংশ।

ফটো সৌজন্যঃ আইচিচি।

শিৱম ডুবে (১০) আউট হোৱাৰ পাছত সূৰ্যকুমাৰ আৰু পাণ্ডিয়াই ভাল বেটিং কৰে। সূৰ্য্যই ৩৬০ ডিগ্ৰীলৈ যোৱা নাছিল যদিও অন ছাইডৰ সৰু বাউণ্ডেৰীৰ সুবিধা ল’বলৈ স্মাৰ্ট ছুইপ লৈছিল। তেওঁক বৰ পৰিপক্ক যেন দেখা গৈছিল। কিন্তু ঠিক যেতিয়া তেওঁৰ ভয়ংকৰ হৈ উঠিছিল, তেতিয়াই তেওঁ পুনৰ ৫৩ (৩x৬, ৫x৪) আউট হৈ গৈছিল।

তথাপি এনে লাগিছিল যেন হাৰ্দিকে ভালকৈয়ে ফিনিছ কৰিব। কিন্তু তেওঁৱো (৩২) পিছৰ অভাৰত আউট হৈ উভতি গ’ল। খেল তেতিয়া শেষৰ দিশে। অক্ষৰ পেটেলে ৬টা বলত ১২ ৰান সংগ্ৰহ কৰি দলীয় স্কোৰ ১৮১ ৰানলৈ বৃদ্ধি কৰে। আফগান বলাৰসকলৰ ভিতৰত ৰছিদ খান (২৬/৩) আৰু ফাৰুকীয়ে (৩৩/৩) তিনিটাকৈ উইকেট দখল কৰি ভাৰতীয় বেটিংক ডাঙৰ আঘাত দিয়ে।

ফটো সৌজন্যঃ আইচিচি।

আফগানিস্তানৰ আৰম্ভণি আছিল আচৰিত ধৰণৰ। প্ৰথম অভাৰৰ একেবাৰে প্ৰথম বলটোতে গুৰবাজে অৰ্শদীপৰ মূৰৰ ওপৰেৰে বল তুলি মাৰে। বাউণ্ডেৰীৰ আগতে এবাৰ মাটি স্পৰ্শ কৰি বাউণ্ডেৰীৰ বাহিৰলৈ ওলাই গ’ল বলটো। পঞ্চম বলত তেওঁ যুৱ পেচাৰজনৰ বল একেবাৰে মিড উইকেটৰ ওপৰেৰে বাহিৰত পেলাই দিয়ে। কিন্তু পৰৱৰ্তী অভাৰতে বুমৰাহ আহি ধোকে ধোকে পানী খুৱালে। গতিৰ কৌশলেৰে  গুৰবাজ (১১)ক ধৰাশায়ী কৰিলে।

ফটো সৌজন্যঃ আইচিচি।

তেতিয়াই ভাৰতে চাপ দি ধৰিলে আৰু আফগান বেটছমেনে সেই চাপ কাটি উঠিব নোৱাৰিলে। কিন্তু সচৰাচৰ হোৱাৰ দৰেই বুমৰাহ বলাৰসকলৰ ভিতৰত আটাইতকৈ বিধ্বংসী আছিল। তেওঁ ৪ অভাৰত এটা অভাৰ মেডেনসহ ৭ ৰান দি তিনিটা উইকেট দখল কৰে। অৰ্শদীপেও লাভ কৰে তিনিটা উইকেট। দুটা উইকেট লয় কুলদীপে। মুঠতে ভাৰতীয় বলাৰসকলে আফগানিস্তানক কেতিয়াও পুনৰ যুঁজলৈ ঘুৰি আহিববলৈ নিদিলে।

আফগানিস্তানৰ আজমাতুল্লাহ ওমৰজাই (২৬)ৰ বাহিৰেও কোনো বেটছমেনে বিশৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। ফলত ৰোহিত বাহিনীয়ে ৪৭ ৰাণত সহজে জয় আজুৰি অনাত কোনো অসুবিধা নাপালে।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮১/৮ (সূৰ্যকুমাৰ ৫৩, পাণ্ডিয়া ৩২, ৰছিদ খান ২৬/৩, ফাৰুকী ৩৩/৩)

আফগানিস্তানঃ ১৩৪ (আজমাতুল্লাহ ওমৰজাই ২৬, বুমৰাহ ৭/৩, অৰ্শদীপ ৩৬/৩)

ভাৰতে ৪৭ ৰানত জয়লাভ কৰে।