দুৰ্দান্ত বলিং, সাৱলীল বেটিঙেৰে প্ৰথমখন টি-২০ মেচত বাংলাদেশক ৭ উইকেটত হৰুৱালে ভাৰতে

খেলখনৰ প্ৰাকক্ষণত বাংলাদেশৰ তৌহিদ হৃদয়ে কৈছিল যে ছাকিব আল হাছানৰ অবিহনে বাংলাদেশে ভাৰতক পৰাস্ত কৰিব পাৰে। দেওবাৰে গোৱালিয়ৰত অনুষ্ঠিত ভাৰত-বাংলাদেশ শৃংখলাৰ প্ৰথমখন টি-২০ মেচত হৃদয়ে সংগ্ৰহ কৰে ১২ ৰান। তেওঁৰ সতীৰ্থসকলৰ প্ৰদৰ্শনো একেধৰণৰ আছিল। মেহদি হাছান মিৰাজৰ বাহিৰে কোনো বেটছমেনে যুঁজ দিব নোৱাৰিলে।

অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তীৰ বলিঙৰ আগত বাংলাদেশৰ বেটিং লাইনআপ তিষ্ঠিবই নোৱাৰিলে। টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত বাংলাদেশে ১৯.৫ অভাৰত ১২৭ ৰান সংগ্ৰহ কৰি অল আউট হয়। ১১.৫ অভাৰতে ৩টা উইকেট হেৰুৱাই সেই ৰান অতিক্ৰম কৰে ভাৰতে। ফলত শৃংখলাৰ প্ৰথমখন টি-২০ মেচত ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

দেওবাৰে গোৱালিয়ৰৰ নতুন ষ্টেডিয়ামত অনুষ্ঠিত হয় প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল। ফলত দুয়োটা দলৰ মাজত উইকেটৰ আচৰণ কেনেকুৱা হ’ব তাক লৈ চিন্তা আছিল। এই কাৰণেই ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰিও বাংলাদেশক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে।

মাত্ৰ ১৪ ৰানৰ ভিতৰতে ২ উইকেট হেৰুৱাই চাপত পৰে বাংলাদেশ। অৰ্শদীপৰ বলি হয় দুই অ’পেনাৰ লিটন দাস (৪) আৰু পাৰভেজ হোছেইন ইমন (৮)। বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইনে ২৭ ৰান সংগ্ৰহ কৰে। ৩৫ ৰানত অপৰাজিত হৈ থাকে মিৰাজে।

ভাৰতৰ হৈ অৰ্শদীপে ১৪ ৰাণত ৩টা উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়ে ৩১ ৰাণ দি ৩টা উইকেট দখল কৰে। হাৰ্দিক পাণ্ডিয়া, মায়ংক যাদৱ আৰু ৱাশ্বিংটন সুন্দৰে ১টাকৈ উইকেট লাভ কৰে।

ভাৰতৰ হৈ হাৰ্দিকে আটাইতকৈ আক্ৰমণাত্মক বেটিং কৰে। অলৰাউণ্ডাৰগৰাকীয়ে ১৬টা বলত ৩৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। সূৰ্যকুমাৰে ১৪টা বলত ২৯ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ সঞ্জু চেমছনে ২৯ ৰান সংগ্ৰহ কৰে। আনজন অ’পেনাৰ অভিষেক শৰ্মাই ১৬ ৰান কৰে। ১৬ ৰানেৰে অপৰাজিত হৈ থাকে নীতিশ ৰেড্ডী।