বৰ্তমান এক অনিশ্চিত পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে বিশ্ব অৰ্থনীতি। এই অস্থিৰ পৰিৱেশৰ মাজতে আশাৰ সঞ্চাৰ হৈছে ভাৰতৰ অৰ্থনীতিত। ৰাষ্ট্ৰসংঘৰ মতে, চলিত বিত্তীয় বৰ্ষত ভাৰতে বিশ্বৰ দ্ৰুততম বৰ্ধিত বৃহৎ অৰ্থনীতিৰ স্থান ধৰি ৰাখিব। ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাস অনুসৰি, ২০২৫ চনত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব। দেশৰ অভ্যন্তৰীণ ব্যয়, শক্তিশালী চৰকাৰী বিনিয়োগ, আৰু সেৱা খণ্ডৰ ৰপ্তানিৰ বৃদ্ধি এই সাফল্যৰ মূল কাৰণ বুলি উল্লেখ কাৰিছে।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে জানুৱাৰীত ৬.৬ শতাংশ বৃদ্ধিৰ পূৰ্বাভাসৰ তুলনাত সামান্য সংশোধন কৰা হৈছে। তথাপিও ভাৰত অন্যান্য প্ৰধান অৰ্থনীতিৰ তুলনাত বহু আগবাঢ়ি আছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২৬ চনত ভাৰতৰ অৰ্থনীতি ৬.৪ শতাংশ হাৰত বৃদ্ধি পাব, যদিও এইটো পূৰ্বৰ অনুমানতকৈ কিছু কম। ভাৰতৰ এই পৰিসংখ্যা অন্যান্য বৃহৎ অৰ্থনীতিৰ তুলনাত অত্যন্ত আকৰ্ষণীয়। উদাহৰণস্বৰূপ, চীনৰ বৃদ্ধিৰ হাৰ ৪.৬ শতাংশ, আমেৰিকাৰ ১.৬ শতাংশ, জাপানৰ ০.৭ শতাংশ, আৰু ইউৰোপীয় সংঘৰ মাত্ৰ ১ শতাংশ হ’ব বুলি আশা কৰা হৈছে। জাৰ্মানীৰ ক্ষেত্ৰত -০.১ শতাংশৰ ঋণাত্মক বৃদ্ধিৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কাৰিছে প্ৰতিবেদনত।
ৰাষ্ট্ৰসংঘই উল্লেখ কৰিছে যে বিশ্ব অৰ্থনীতি বাণিজ্যিক উত্তেজনা আৰু নীতিগত অনিশ্চয়তাৰ বাবে এক জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে। বহু দেশৰ অৰ্থনৈতিক বৃদ্ধি পূৰ্বৰ পূৰ্বাভাসতকৈ লেহেমীয়া হ’ব বুলি ধাৰণা কৰা হৈছে। এই প্ৰেক্ষাপটত ভাৰতৰ অৰ্থনৈতিক প্ৰদৰ্শন লক্ষ্যণীয় হৈ পৰিছে। ভাৰতৰ অভ্যন্তৰীণ চাহিদা আৰু সেৱা খণ্ডৰ শক্তিশালী প্ৰদৰ্শনে দেশখনক এই অনিশ্চিত বিশ্ব অৰ্থনীতিৰ মাজতো এক স্থিতিশীল আৰু দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে স্থান লাভ কৰিছে।