বিশ্বগুৰুৰ ভাৰত ধনে-ধানে ভৰি থাকিব লাগিছিল, সকলো মানুহে পেট পূৰাই খাবলৈ পাব লাগিছিল। কিন্তু তেনে একোৱেই হোৱা নাই ভাৰতত। ইয়াৰ বিপৰীতে অৰ্থনীতিৰ বিকাশৰ জয়ঢোল কোবাই থকা চৰকাৰ খনক পুনৰ বাৰ লাজত পেলাই গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান ১০৭ লৈ অৱনমিতহে হ’ল।
বিগত বৰ্ষত ভাৰতৰ স্থান ১০১ ত আছিল যদিও এইবাৰ সেই স্থানৰ পৰাও পিছলি তললৈ গ’ল ভাৰত। আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান আওৰাই থকা সকলক লজ্জিত কৰি মাত্ৰ এটা বছৰতে দেশত খাবলৈ নাপাই চটফটাই থকা লোকৰ সংখ্যা বৃদ্ধিহে পালে। তাতোকৈও লাজৰ কথাটো হ’ল গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান এইবেলি পাকিস্তান, বাংলাদেশ, নেপাতকৈয়ো তলত থাকিল।
বিশ্বৰ ১২১ খন দেশৰ গ্লোবেল হাংগাৰ ইণ্ডেক্স (জিএইচআই)ত ২০২২ ত বিশ্বগুৰুৰ ভাৰতৰ স্থান ১০৭ সংখ্যক স্থানলৈ অৱনমিত হোৱাৰ কথাই বহুতকে চিন্তি কৰি তুলিছে। ২০২১ চনত ভাৰতৰ স্থান আছিল ১০১ । এইবেলিচীন, তুৰস্ক আৰু কুৱেইটকে ধৰি ১৭ খন দেশে বিশ্বব্যাপী ক্ষুধা সূচকত শীৰ্ষ স্থানত আছে। ভাৰতৰ স্থান পূৰ্বতকৈও অৱনমিত হোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত ২০১৪ চনৰে পৰা আমাৰ ক্ষুধা সূচকৰ দ্ৰুত অৱনতি ঘটিছে।
তেওঁ প্ৰশ্ন কৰে, “মাননীয় প্ৰধানমন্ত্ৰীয়ে কেতিয়া পুষ্টিহীনতা, ভোক, আৰু শিশুসকলৰ অপচয়ৰ দৰে প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব?” আইৰিছ সাহায্য সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু জাৰ্মান সংগঠন ৱেল্ট হাংগাৰ হিলফে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনে ভাৰতত ভোকৰ স্তৰক “গুৰুতৰ” বুলি অভিহিত কৰিছে।
২০২১ চনত ভাৰত বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক স্থানত আছিল। এতিয়া তালিকাত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭ সংখ্যক স্থানলৈ অৱনমিত হৈছে। উল্লেখ্য বিগত বৰ্ষত এই তালিকাত ভাৰত ১০০ সংখ্যক স্থানৰ তললৈ নামি যোৱাৰ বাবে মোদীৰ চৰকাৰে প্ৰতিবেদনখনক সমালোচনা কৰি – “আচৰিত” আৰু “অবাস্তৱ” প্ৰতিবেদন বুলি কৈছিল। চৰকাৰে দাবী কৰিছিল যে গ্লোবেল হাংগাৰ ইণ্ডেক্স গণনা কৰিবলৈ ব্যৱহৃত পদ্ধতিটো অবৈজ্ঞানিক আছিল।
কিন্তু ভাৰত চৰকাৰৰ দাবী খণ্ডন কৰি ৱেল্ট হাংগাৰ হিলফে কৈছিল যে ভাৰতৰ ৰেংকিঙৰ পতন গেলপৰ দ্বাৰা পৰিচালিত এক জনমত জৰীপৰ ওপৰত আধাৰিত আছিল।ডব্লিউ.এইচ.এইচ.-য়ে কৈছিল যে গেলপ জনমত জৰীপটো জি.এইচ.আই.-ৰ দ্বাৰা ব্যৱহাৰ কৰা নহয়, তাৰ পৰিৱৰ্তে ভাৰতৰ দ্বাৰা ৰাষ্ট্ৰসংঘত আনুষ্ঠানিকভাৱে উপস্থাপন কৰা তথ্য ব্যৱহাৰ কৰি অপুষ্টি জোখা হয়।