নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িষ্ণু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

২০১৪ চনত নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ সময়ৰে পৰা ভাৰতৰ গণতান্ত্ৰিক আদৰ্শসমূহ ক্ষয়িষ্ণু হৈ পৰিছে, কিন্তু দ্ৰুত আৰু গভীৰভাৱে হোৱা এই ক্ষয়িষ্ণু অৱস্থাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে বিৰল বুলি  অভিহিত কৰিছে আমেৰিকাৰ এগৰাকী বিখ্যাত সাংবাদিক ফৰীদ জাকাৰিয়াই।

দেওবাৰে নিউজ চেনেল চিএনএনৰ ‘হোৱাট ইন দ্যা ৱৰ্ল্ড’ নামৰ অনুষ্ঠানটোত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতৰ ৰক্ষণশীল মনোভাৱে প্ৰাধান্য লাভ কৰিছে।

উল্লেখযোগ্য যে ২০১৪ চনত জাকাৰিয়াই নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লৈছিল আৰু মোদীৰ সাক্ষাৎকাৰ লোৱা মুষ্টিমেয় বিদেশী সাংবাদিকসকলৰ ভিতৰত তেওঁ অন্যতম।

সাংবাদিকজনে মানৱ অধিকাৰ সংস্থা ‘ফ্ৰীডম হাউচ’ৰ শেহতীয়া এখন প্ৰতিবেদনৰ কথা উল্লেখ কৰিছে।

যোৱা সপ্তাহত মুকলি কৰা প্ৰতিবেদনখনত ভাৰতক মানৱ অধিকাৰৰ ক্ষেত্ৰত ‘আংশিকভাৱে মুক্ত’ বুলি কৈছিল।

ফ্ৰীডম হাউচৰ প্ৰতিবেদনখনত ভাৰতৰ স্ক’ৰ ১০০ ৰ ভিতৰত ৬৭লৈ অৱনমিত হৈছে।

ইয়াৰ পূৰ্বে ২০১৮, ২০১৯, ২০২০ চনত ক্ৰমে ভাৰতৰ স্ক’ৰ ৭৭, ৭৫ আৰু ৭১ আছিল।

১৯৪১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপিত এটা নন প্ৰফিট অৰ্গেনাইজেচন ‘ফ্ৰীডম হাউচে’ গণতন্ত্ৰ, ৰাজনৈতিক স্বাধিনতা আৰু মানৱ অধিকাৰক লৈ গৱেষণা আৰু মাত মাতি আহিছে।

অনুষ্ঠানটোত সাংবাদিক জাকাৰিয়াই কয় যে যোৱা কিছু বছৰৰ পৰা ভাৰতত বাক স্বাধিনতা খৰ্ব হৈ আছে।

তদুপৰি তেওঁ কয় যে ভাৰতৰ ৰাজহুৱা কৰ্মী, সাংবাদিক আৰু বিৰোধী ৰাজনীতিকসমূহক মোদী চৰকাৰক সামান্য সমালোচনা  কৰা বাবেই আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰদোহী আইনখনক ঔপনিৱেশিক যুগৰ বুলিও তেওঁ অভিহিত কৰে।

পৰিৱেশ কৰ্মী দিশা ৰৱীৰ গ্ৰেপ্তাৰ সম্পৰ্কত সাংবাদিকজনে কয় যে কেৱল কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰাৰ বাবেই পৰিৱেশ কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

ভাৰতৰ এটা গৱেষণা গোষ্ঠী ‘আৰ্টিকল১৪’য়ে প্ৰকাশ কৰা এটা তথ্যও তেওঁ অনুষ্ঠানটোত উল্লেখ কৰে।

তথ্যটোৰ মতে, মোদী চৰকাৰৰ দিনত ৭,১৩৬ জন লোক ৰাষ্ট্ৰদোহীতাৰ গোচৰৰ সমুখীন হৈছে।

বিশ্বৰ গণতান্ত্ৰিক আদৰ্শৰ বাবে ভাৰতৰ এই ক্ষয়িষ্ণু অৱস্থাটো মাৰাত্মক বুলিও তেওঁ কয়।