NORTHEAST NOW (Assamese)

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ

February 25, 2022 8:49 am · এন ই নাও নিউজ, গুৱাহাটী

ইউক্ৰেইনত যুদ্ধৰ উৎকণ্ঠা, উদ্বিগ্নতাৰ মাজত সময় পাৰ কৰিছে দেশখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা নাগৰিকসকলে। কেনেকৈ ইউক্ৰেইনৰ পৰা তেওঁলোক নিজৰ দেশলৈ উভতি আহিব? এনে বহু চিন্তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা কিছু আশা জগাই তোলা হৈছে।

বৈদেশিক মন্ত্ৰ্যালয়ৰ সচিব হৰ্ষ ভি শ্ৰীংলাই ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতৰ স্থিতিৰ কথা জনাইছে।

সূত্ৰসমূহৰ মতে ইউক্ৰেইনত প্ৰায় ২০ হাজাৰ ভাৰতীয় লোক আৱদ্ধ হৈ আছে। বৈদেশিক মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিছে যে তাত থকা ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব।

লগতে পঢ়ক: গুগলত নিৰাপদ আশ্ৰয় বিচাৰক; ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক লুকাই থাকিবলৈ পৰামৰ্শ ভাৰতৰ

বৈদেশিক মন্ত্ৰ্যালয়ে কোনকেইটা দিশত গুৰুত্ব আৰোপ কৰি যুদ্ধভূমিত ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছে সেয়া চাওক-

  • পৰিস্থিতি অতি জটিল আৰু ক্ষিপ্ৰতাৰে পৰিৱৰ্তন হৈ আছে। যোৱা কেইদিনত চাৰি হাজাৰ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা উলিয়াই অনা হৈছে। নিয়ন্ত্ৰণ কক্ষলৈ ৯৮০টা ফোন আৰু ৮৫০টা ই-মেইল আহিছে।
  • প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিছে যে ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বিষয়টো ভাৰতৰ বাবে অগ্ৰাধিকাৰ লাভ কৰিছে।
  • কীয়েভৰ পৰা সুৰক্ষিত স্থানলৈ ভাৰতীয়সকলক স্থানান্তৰ কৰা হৈছে।
  • প্ৰয়োজন অনুসৰি বিমানেৰে ভাৰতীয়সকলক স্থানান্তৰ কৰা সম্পৰ্কতো প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সৈতে যোগাযোগ কৰা হৈছে।
  • এমাহ পূর্বৰে পৰাই ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ অনলাইন পঞ্জীয়ন হৈছে।
  • ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাস অতি সক্ৰিয় হৈ পৰিছে। তাত দেশখনৰ বিশ্ববিদ্যালয়সমূহৰ সৈতেও যোগাযোগ ৰক্ষা কৰা হৈছে।
  • ইউক্ৰেইনৰ সকলো বিশ্ববিদ্যালয়কে অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বিষয়ে অনুৰোধ কৰা হৈছে।
  • ৰাছিয়াৰ ওপৰত আমেৰিকা, ব্ৰিটেইন, জাপানকে ধৰি কিছুমান দেশে নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতে এই সমগ্ৰ বিষয়টোৰ দেশৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তালৈ দৃষ্টি ৰাখিছে।
  • ভাৰতৰ বিদেশ মন্ত্ৰীয়ে পোলেণ্ড, ৰোমানিয়া, শ্ল’ভাকিয়া, হাংগেৰীৰ বিদেশমন্ত্ৰীৰ সৈতে কথা পাতিছে।

ইপিনে, বৈদেশিক মন্ত্ৰ্যালয়ে ইউক্ৰেইনত থকা ভাৰতীয়সকলক তথ্য আগবঢ়োৱা তথা সহায় কৰাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।

যিকোনো সমস্যাৰ বাবে আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰকেইটা হৈছে-  

1800118797 (Toll free) Phones: +91 11 23012113 +91 11 23014104 +91 11 23017905 ।

Related News