NORTHEAST NOW (Assamese)

মেঘালয়ত চলিছে ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন; ৩ বছৰৰ পিছত কৰা হৈছে আয়োজন

May 21, 2024 12:46 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2024 1:11 pm
ফাইল ফটোঃ সংগ্ৰহীত।

মেঘালয়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত ৭ম সংস্কৰণৰ যৌথ সামৰিক অনুশীলন `শক্তি’ৰ আয়োজন কৰা হৈছে। এই যৌথ সামৰিক অনুশীলন মেঘালয়ৰ উমৰইত যুদ্ধ অনুশীলনৰ বাবে সম্পূৰ্ণ বিকশিত আৰু আধুনিক বিদেশী প্ৰশিক্ষণ পদ্ধতিৰে অনুষ্ঠিত কৰা হৈছে। দুয়োখন দেশৰ মাজত এই অনুশীলন যোৱা ১৩ মেৰ পৰা আৰম্ভ হৈছে আৰু ২৬ মে’লৈকে চলি থাকিব।

এই অনুশীলনত মেঘালয়ৰ পাহাৰত পৰ্বতীয়া যুদ্ধৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদানৰ বাবে এটা দল গঠন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে পাহাৰীয়া আৰু অৰ্ধনগৰীয়া অঞ্চলত সকলো ধৰণৰ কঠিন অভিযান চলোৱা।

ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰ মাহত ফ্ৰান্সত এই যৌথ সামৰিক অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলনত দেশৰ সেনাবাহিনীক প্ৰতিনিধিত্ব কৰিছিল তিনিজন বিষয়া, তিনিজন কনিষ্ঠ কমিচনপ্ৰাপ্ত বিষয়া আৰু গোৰ্খা ৰাইফলছ তথা ছাপোৰ্ট আৰ্মছৰ ৩৭জন জোৱানৰ এটা দলে।

এই অনুশীলন কঠিন পৰিস্থিতিত একেলগে কাম কৰাৰ লগতে দুয়োখন দেশৰ সামৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে আয়োজন কৰা হৈছে। এই অনুশীলনৰ বাবে ভাৰতীয় নৌসেনা আৰু বায়ুসেনাৰ কিছু সহায় লৈ মূলতঃ ৰাজপুত ৰেজিমেণ্টৰ পৰা ৯০ জনীয়া জোৱানৰ এটা দল সাজু কৰা হৈছে। ৯০ জনীয়া ফৰাচী দলটোক মূলতঃ ১৩ নং ফৰেইন লিজিয়ন হাফ ব্ৰিগেডৰ জোৱানসকলে প্ৰতিনিধিত্ব কৰিছে।

এই অনুশীলনত হাইস্পীড ফিটনেছ প্ৰশিক্ষণ, কৌশলগত অনুশীলন আৰু দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ শিক্ষা দিয়া হৈছে। কঠিন পাহাৰীয়া অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰাৰ কৌশল শিকিব পৰা যাব। এই অনুশীলনৰ সহায়ত দুয়োখন দেশৰ সেনাই পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত অভিযান চলাব পৰা ক্ষমতা বৃদ্ধি পাব।

ভাৰত আৰু ফ্ৰান্সৰ মাজত এই অনুশীলনে দুয়োখন দেশক যৌথ অভিযান চলোৱা, প্ৰযুক্তি আৰু প্ৰক্ৰিয়াৰ উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰা আৰু ভৱিষ্যতৰ বাবে উন্নত কৌশল ৰচনা কৰাত উপকৃত কৰিব। এই যৌথ অনুশীলনে ফ্ৰান্স আৰু ভাৰতৰ সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ, আন্তৰিকতা আৰু সৌজন্যতাক প্ৰসাৰিত কৰিব। এই অনুশীলনে দুয়োখন বন্ধু ৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাই নহয়, দ্বিপাক্ষিক সম্পৰ্কও শক্তিশালী কৰিব।

Related News