NORTHEAST NOW (Assamese)

মন কী বাতত প্ৰধান মন্ত্ৰী মোদীয়ে ক’লে,-‘ভাৰতক ৰঙা চকু দেখুৱাসকলে পাব যোগ্য প্ৰত্যুত্তৰ’’

June 28, 2020 12:57 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ ‘মন কী বাত’ কাৰ্যসূচীৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।

তেওঁ কয় যে ভাৰতৰ ইতিহাস দুৰ্যোগ আৰু প্ৰত্যাহ্বানৰ ওপৰত বিজয় সাৱ্যস্ত কৰি ওলাই অহাৰ দৃষ্টান্তৰে সমৃদ্ধ।

প্ৰধান মন্ত্ৰীয়ে কয়, ‘’ইয়াৰ মাজতে আমাৰ একাংশ প্ৰতিবেশীৰ দ্বাৰা যি ঘটি আছে, দেশে সেই প্ৰত্যাহ্বান নেওচি ওলাই আহিছে। স্বাভাৱিকতে, একেসময়তে ইমানবোৰ দুৰ্যোগ, এনেধৰণৰ দুৰ্যোগ বহুত কম দেখিবলৈ পোৱা যায়।

তেওঁ কয় যে ভাৰতে মিত্ৰতা গঢ়িবলৈ জানে যদিও চকুত চকু ৰাখি প্ৰত্যুত্তৰ দিবলৈয়ো জানে। আমাৰ বীৰসকলক লৈ আমি গৰ্বিত।

প্ৰধান মন্ত্ৰীয়ে কয়,’’ভাৰতত য’ত এপিনে বৃহৎ বৃহৎ সংকট আহি গৈছে, তাত সকলো বাধা অতিক্ৰম কৰি বহু সৃষ্টিশীল কৰ্মও হৈছে। নতুন সাহিত্যৰ সৃষ্টি হৈছে, নতুন গৱেষণা হৈছে, নতুন সিদ্ধান্ত গঢ়ি উঠিছে, অৰ্থাৎ সংকটৰ সময়তো প্ৰতিটো ক্ষেত্ৰতে সৃষ্টিশীল প্ৰক্ৰিয়া অটুট আছে আৰু আমাৰ সংস্কৃতি ফুলৰে পল্লৱিত হৈ উঠিছে।‘’

প্ৰধান মন্ত্ৰীয়ে কয়, ‘’লাডাখত ভাৰতৰ ভূমিৰ ওপৰত চকু দিয়াসকলক শক্তিশালী প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতে যেনেকৈ বন্ধুত্ব ৰক্ষা কৰিব জানে, তেনেকৈ চকুত চকু থৈ প্ৰত্যুত্তৰ দিবও জানে।‘’

প্ৰধান মন্ত্ৰীয়ে দেশৰ নাগৰিকসকলৰ সহযোগ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয় যে আপোনালোকে লোকেল ক্ৰয় সামগ্ৰী ক্ৰয় কৰক, ‘লোকেলৰ বাবে ভোকেল’ হওক। এয়াও এক ধৰণৰ দেশৰ সেৱাই।

তেওঁ কয় যে ভাৰতৰ সংকল্প হৈছে ভাৰতৰ স্বাভিমান আৰু সাৰ্বভৌমত্বৰ ৰক্ষা। ভাৰতৰ লক্ষ্য হৈছে আত্মনিৰ্ভৰ ভাৰত। ভাৰতৰ পৰম্পৰা ভৰসা আৰু বন্ধুত্ব। আমি এই দিশেৰে আগবাঢ়ি যাম।

প্ৰধান মন্ত্ৰীয়ে লকডাউনতকৈ আনলকৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলিও দোহাৰে।

এই প্ৰসংগত তেওঁ অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ মিৰেম গাঁৱৰ প্ৰেৰণামূলক কামৰ দৃষ্টান্তও দাঙি ধৰে।

এই গাঁৱখনৰ বহু লোক বাহিৰত থাকি চাকৰি কৰে। গাঁৱবাসীয়ে কৰ’নাৰ সময়ত ঘৰলৈ উভতি অহা এই লোকসকলৰ বাবে পূৰ্বেই গাঁৱৰ বাহিৰত কোৱাৰেন্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰে।

তেওঁলোকে নিজেই গাঁৱৰ কিছু বাহিৰত ১৪টা অস্থায়ী জুপুৰি সাজি তাত বাহিৰৰ পৰা অহা লোকসকলক ৰখাৰ ব্যৱস্থা কৰে।

জুপুৰিসমূহত শৌচালয়, বিজুলী, পানীকে ধৰি দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰীৰ ব্যৱস্থা কৰা হয়। মিৰেম গাঁৱৰ লোকৰ এই প্ৰচেষ্টা তথা সজাগতাই সকলোকে আকৰ্ষিত কৰা বুলি প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণক দোহাৰে।

Related News