ছুইছ বেংকত আছে ৩৪ লাখ ভাৰতীয়ৰ একাউণ্ট; কেন্দ্ৰক বিশদ তথ্য দিলে চুইজাৰলেণ্ডে

ছুইজাৰলেণ্ডে প্ৰবাসী ভাৰতীয় আৰু দেশীয় কোম্পানীৰ প্ৰায় ৩৪ লাখ ছুইছ বেংক একাউণ্টৰ তথ্য ভাৰত চৰকাৰক হস্তান্তৰ কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই একাউণ্টবোৰ যিসকল ভাৰতীয় নাগৰিক আৰু সংস্থাৰ নামত খোলা হৈছে সেইবোৰ ১০১ খন দেশত বিয়পি আছে। ইয়াকেলৈ একেৰাহে চতুৰ্থ বছৰ ভাৰতে চুইছ বেংকত থকা “ক’লা ধন”ৰ তথ্য লাভ কৰিলে।

সোমবাৰে এক বিবৃতিত ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেচন (এফটিএ)ৰ বিষয়াসকলে কয় যে ভাৰতৰ সৈতে চুইজাৰলেণ্ডৰ স্বয়ংক্ৰিয় তথ্য বিনিময়ৰ অংশ হিচাপে যোৱা ছেপ্টেম্বৰৰ এই তথ্য ভাৰতক জনোৱা হৈছে। এনে তথ্য অহা বছৰৰ ছেপ্টেম্বৰতো বিনিময় কৰা হ’ব।

লগতে পঢ়ক: তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা

ছুইজাৰলেণ্ডে যোৱা বছৰ ভাৰতকে ধৰি ৮৬ খন দেশৰ সৈতে এনে তথ্য বিনিময় কৰিছিল। অৱশ্যে এই বছৰ তালিকাখনত আলবেনিয়া, ব্ৰুনেই ডাৰুচালেম, নাইজেৰিয়া, পেৰু আৰু তুৰ্কীকে ধৰি আৰু কেইবাখনো দেশ অন্তৰ্ভুক্ত হৈছে। সেইদৰে বেংক একাউণ্টৰ সংখ্যাও প্ৰায় ১ লাখ বৃদ্ধি পাইছে।

ছুইছ বেংকৰ এই তথ্যৰ সহায়ত হিচাপ বহিৰ্ভূত সম্পত্তিবিলাকৰ সন্ধান বিচাৰি উলিয়াব পৰা যাব বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰিও কৰ ফাঁকি দিয়া বহুতো ব্যক্তি বা সংস্থা বা ক’লা ধনৰ জৰিয়তে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতা কৰা লোকসকলক ধৰা পেলোৱাটো সম্ভৱ হ’ব পাৰে।

বিশেষজ্ঞসকলে ভাৱে যে এই তথ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থাও ল’ব পৰা যাব।

লগতে পঢ়ক: অঘটন! আইআইটি-গুৱাহাটীত এগৰাকী ২০ বছৰীয়া ছাত্ৰৰ আত্মহত্যা

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ছুইজাৰলেণ্ডৰ বিষয়াই কয় যে একাউণ্টবোৰ বেছিভাগ ভাৰতীয় ব্যৱসায়ী আৰু প্ৰবাসীৰ নামত আছে। ইয়াৰে বহুতো আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে ধৰি কেইবাখনো দক্ষিণ-পূব এছিয়াৰ দেশত বিয়পি আছে। বহুতে লেটিন আমেৰিকা আৰু আফ্ৰিকাতো বসবাস কৰি আছে।

বেংক একাউণ্ট থকা ব্যক্তি বা প্ৰতিষ্ঠানবোৰৰ নাম আৰু ঠিকনাৰ উপৰিও ছুইছ কৰ্তৃপক্ষই কৰ চিনাক্তকৰণ নম্বৰ আৰু মূলধন উপাৰ্জনৰ বিৱৰণ ভাৰতক হস্তান্তৰ কৰিছে।

লগতে পঢ়ক: দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ লক্ষ্য: ‘ৰেইনড্ৰপচ’ৰ ভাৰত-বাংলাদেশ মৈত্ৰী চাইকেল যাত্ৰাৰ সামৰণি

ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেচনে এই বেংক একাউণ্টবোৰৰ মালিক বৰ্তমান কোন খন দেশত বাস কৰি আছে বা তেওঁৰ ছুইছ একাউণ্টত কিমান টকা আছে তাকো জানিবলৈ দিছে।