আমেৰিকাৰ শুল্ক নীতিত শেহতীয়াকৈ হোৱা পৰিৱৰ্তনৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই ভাৰতীয় ডাক বিভাগে আমেৰিকালৈ চিঠি আৰু পাৰ্চেল প্ৰেৰণ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আমেৰিকাৰ প্ৰশাসনে ৩০ জুলাইত জাৰি কৰা নতুন নিৰ্দেশ অনুসৰি, এতিয়ালৈকে বাহিৰৰ দেশৰ পৰা আমেৰিকালৈ ৮০০ ডলাৰ পৰ্যন্তৰ সামগ্ৰী শুল্কমুক্তভাৱে প্ৰেৰণ কৰিব পাৰিছিল। কিন্তু নতুন নিয়ম অনুসৰি সেই সুবিধা বাতিল কৰা হৈছে। ২৯ আগষ্টৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সকলো ডাক সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ হ’ব। কেৱল ১০০ ডলাৰ পৰ্যন্তৰ উপহাৰ সামগ্ৰীহে শুল্কমুক্ত হ’ব বুলি জানিব পৰা গৈছে।
ভাৰতীয় ডাক বিভাগৰ নতুন নিয়ম
ভাৰতীয় ডাক বিভাগে স্পষ্টকৈ জনাইছে যে –
২৫ আগষ্টৰ পিছত আমেৰিকালৈ কোনো চিঠি বা পাৰ্চেল বুকিং কৰা নহ’ব।
বুকিং কৰা হলেও সেই পাৰ্চেল বিমানে নিব নোৱাৰিব।
ইতিমধ্যে বুকিং কৰা গ্ৰাহকসকলৰ পাৰ্চেলো প্ৰেৰণ কৰিব নোৱাৰি, কিন্তু খৰচ কৰা মাচুল ঘূৰাই দিয়া হ’ব।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ তথ্য অনুসৰি, কেৱল ভাৰতেই নহয়, অষ্ট্ৰিয়া, ফ্ৰান্স আৰু বেলজিয়ামেও আমেৰিকালৈ ডাক সেৱা স্থগিত কৰিছে। বাণিজ্যিক নীতিৰ এই দ্বন্দ্বই ভাৰত-আমেৰিকাৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। বিশেষকৈ মস্কোৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কই আমেৰিকা-ভাৰতৰ মাজত অতিৰিক্ত টান টান পৰিস্থিতি সৃষ্টি কৰিছে। ডাক বিভাগে জনাইছে, পৰিস্থিতি পৰ্যালোচনা কৰি পিছত আমেৰিকালৈ ডাক সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ব।