NORTHEAST NOW (Assamese)

মানৱ জিন থেৰাপীৰে নিৰাময় হৈছে গুৰুতৰ হিম’ফিলিয়া! বিৰাট সাফল্য ভাৰতৰ

December 15, 2024 10:05 am · এন ই নাও নিউজ, গুৱাহাটী

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতে লাভ কৰিলে বিৰাট সফলতা। হিম’ফিলিয়াৰ চিকিৎসা ব্যৱস্থা আৰু উন্নতি কৰা হৈছে। গুৰুতৰ হিম’ফিলিয়া এক বিশেষ থেৰাপিৰ দ্বাৰা আৰোগ্য কৰিব পাৰি। ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজত ষ্টেম চেল ৰিচাৰ্চ (চি এছ চি আৰ)কৰা হৈছে। তাত পাঁচজন ৰোগীৰ ওপৰত গৱেষণা কৰা হৈছিল। পৰীক্ষাৰ পিছত পোৱা ফলাফল দেখি আত্মবিশ্বাসী হৈ পৰিছে গৱেষকসকল।

জনা গৈছে যে এই চিকিৎসা মানৱ জিন থেৰাপীৰ জৰিয়তে কৰা হৈছে। ভাৰতত এই ধৰণৰ চিকিৎসা প্ৰথমবাৰৰ বাবে কৰা হৈছে। বহুদিন ধৰি কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলি আছিল। শেহতীয়াকৈ পোৱা ফলাফলে হিম’ফিলিয়াৰ চিকিৎসাত এক বৃহৎ পৰিৱৰ্তন আনিব। নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশিত হৈছে এই গৱেষণাৰ তথ্য।

এই গৱেষণাত অংশগ্ৰহণ কৰা লোকসকলৰ শৰীৰত ফেক্টৰ এইট উৎপন্ন হৈছে। ই ৰক্তক্ষৰণ বন্ধ কৰাৰ বাবে এক প্ৰটিন। এই পদ্ধতিৰেই এই বিৰল ৰোগ নিৰাময় কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে বিশ্বাস কৰে। আচলতে হিম’ফিলিয়া এটা জিনেটিক সমস্যা।

ফেক্টৰ এইটৰ বাবে ৰক্তক্ষৰণ বন্ধ হ’ব নিবিচাৰে। ইয়াৰ ফলত অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ হয়। কোনো আঘাত নোহোৱাকৈও ৰক্তক্ষৰণ হ’ব পাৰে। ইয়াৰ ফলত ৰোগীৰ শৰীৰৰ যথেষ্ট ক্ষতি হয়। হিম’ফিলিয়া ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। আক্ৰান্তৰ সংখ্যা কমেও ১.৩৬ লাখ।

চিকিৎসা যে একেবাৰেই নাই, এনে নহয়। বৰ্তমান নিয়মীয়াকৈ ইনফিউচনৰ দ্বাৰা ফ্যাক্টৰ এইট দিয়া হয়। কিন্তু সেই চিকিৎসা অতি ব্যয়বহুল। বিশেষকৈ শিশুৰ ক্ষেত্ৰতো এই চিকিৎসা অতি সময়সাপেক্ষ। চিকিৎসাৰ বাবে বাৰে বাৰে চিকিৎসালয়লৈ যাবলগীয়া হয়। বিজ্ঞানীসকলে ভাবে যে নতুন গৱেষণাৰ পিছত  এই সমস্যাবোৰৰ পৰা মুক্তি পোৱা যাব।

Related News