• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী চাকৰি পোৱাৰ পিছতে অপহৰণ, মূৰত বন্দুক ৰাখি বিয়া, দেশৰ ক’ত ঘটিল এই ঘটনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2024 11:09 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা ভাল চাকৰি যিকোনো যুৱকৰ সপোন। যদি সেয়া চৰকাৰী হয় তেন্তে ‘সোণত সুৱাগা চৰা’। কিন্তু চৰকাৰী বিদ্যালয় এখনত শিক্ষকৰ চাকৰি পোৱাৰ পিছতে বিপদ আহিল বিহাৰৰ এজন যুৱকৰ জীৱনলৈ! তেওঁৰ অনুমতি অবিহনেই তেওঁৰ জীৱনৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈ গ’ল। অচিনাকি ব্যক্তিৰ বিৰুদ্ধে অপহৰণ আৰু বিবাহৰ অভিযোগ উঠিল। জীৱনৰ ভয়ত বিয়া পাতিবলগীয়াও হ’ল। কিন্তু কইনাক কেন্দ্ৰ কৰিহে আছে ঘটনাৰ ‘টুইষ্ট’।

দৰাচলতে কি ঘটিছিল? বিহাৰৰ বেগুছৰাই জিলাৰ বাসিন্দা অবনীশ কুমাৰ। শেহতীয়াকৈ তেওঁ ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ শিক্ষক হিচাপে চাকৰি লাভ কৰে। অভিযোগ অনুসৰি, ঘটনাৰ দিনা শুকুৰবাৰে যুৱকজন ঘৰৰ পৰা স্কুললৈ গৈ আছিল। হঠাৎ প্ৰায় ১২ জন অচিনাক্ত লোকে তেওঁক ঘেৰি ধৰিলে। কিবা গম পোৱাৰ আগতেই তেওঁৰ ফালে বন্দুক টোৱাই গাড়ীত উঠিবলৈ ক’লে।

Apply Now

অভিযোগ অনুসৰি, অবনীশক বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায়। গাড়ীখন পোনে পোনে গৈ এটা মন্দিৰৰ সন্মুখত ৰৈ গ’ল। তাত ইতিমধ্যে উপস্থিত ৰঙা শাৰী পৰিহিতা এগৰাকী কইনা। যুৱকজনক বিয়া পাতিবলৈ কোৱা হয়। তেওঁ মান্তি নোহোৱাত, ভাবুকি দি অবনীশক বিয়া কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উঠিছে।

কিন্তু ইয়াতে টুইষ্ট আছে। বিয়াৰ অপেক্ষাত থকা কইনাৰ নাম গুঞ্জন। তেওঁ লক্ষীচৰাই জিলাৰ বাসিন্দা তেওঁ। গুঞ্জনৰ মতে, অবনীশৰ সৈতে তেওঁৰ চাৰি বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমিক যুগলৰ বিয়াও হোৱাৰ কথা আছিল।

কিন্তু যুৱতীগৰাকীয়ে দাবী কৰিছে যে যুৱকজনে চাকৰি পাই সেই ‘প্ৰতিশ্ৰুতি’ পাহৰি যায়। কিন্তু তেতিয়ালৈকে গুঞ্জনে ঘৰত তেওঁলোকৰ সম্পৰ্কৰ কথা অৱগত কৰিছিল। ইফালে অৱনীশৰ সৈতে যোগাযোগ কৰিব পৰা নাই। সেয়ে উঠাই আনি বলপূৰ্বক বিবাহ। গুঞ্জনে কয়, “আমাৰ সংসাৰ আৰম্ভ কৰাৰ কথা আছিল। যিখন স্কুলত চাকৰি পাইছিল সেইখন স্কুললৈও মোকো লৈ গৈছিল। কিন্তু মই ঘৰত কথাটো কওঁতেই অবনীশে বিয়া পাতিবলৈ অস্বীকাৰ কৰে। এইটো কেনেকৈ মানি ল’ম?”

অৱশ্যে সমগ্ৰ অভিযোগ অস্বীকাৰ কৰি অলপতে চৰকাৰী চাকৰি পোৱা অবনীশে কয়, “মই সেই ছোৱালীজনীক চিনি নাপাওঁ। বাৰে বাৰে ফোন কৰি মোক হাৰাশাস্তি কৰিছিল। ঘটনাৰ দিনা একাংশ লোকে মোক অপহৰণ কৰিছিল। মোক মাৰপিট কৰিলে, জোৰ কৰি বিয়া পাতি দিলে। প্ৰতিবাদ কৰিলে মোক হত্যা কৰাৰ ভাবুকি দিছিল।”

কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাই। বিয়াৰ পিছত গুঞ্জন অবনীশৰ ঘৰলৈ যায়। তাতো অশান্তি ঘটে। অবনীশৰ পিতৃ-মাতৃয়েও তেওঁক কইনা হিচাপে গ্ৰহণ কৰিব বিচৰা নাই। অৱশেষত কইনাই থানাত অভিযোগ দিলে। বিপৰীতে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ দাখিল কৰে অবনীশে। আৰক্ষী বিবুধিত। অৱশ্যে এয়াই প্ৰথমবাৰৰ বাবে নহয়, খবৰ পোৱা গৈছে যে এইবাৰ বিহাৰ আৰক্ষীয়ে এই ধৰণৰ অভিলেখ সংখ্যক অভিযোগ লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd