• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিটি আয়োগৰ প্ৰতিবেদন : চীনৰ তুলনাত ৫ গুণ বেছি পঢ়াশালি আছে ভাৰতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 9:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত চীনতকৈ আগবাঢ়ি আছে ভাৰতবৰ্ষ।  স্কুলীয়া শিক্ষা সন্দৰ্ভত নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতত এতিয়া চীনতকৈ পাঁচগুণ বেছি বিদ্যালয় আছে! 

শেহতীয়া প্ৰকাশ পোৱা কেইবাটাও খবৰ অনুসৰি চীনত বৰ্তমান ইখনৰ পিছত সিখনকৈ আন্তঃৰাষ্ট্ৰীয় আৰু ব্যক্তিগত বিদ্যালয় বন্ধ হৈ আছে। আনহাতে বিভিন্ন বিদ্যালয় সমূহক একত্ৰিক কৰা হৈছে চীনত।

Apply Now

চীন চৰকাৰৰ কঠোৰ নিয়ম, মহামাৰীৰ পিছৰ অৰ্থনৈতিক মন্দাৱস্থা আৰু বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই চীনৰ বিদ্যালয়সমূহ দুৰ্বল হৈ পৰিছে।

উল্লেখ্য যে, ২০২০ চনত চীনত প্ৰায় ১ লাখ ৮০ হাজাৰ ব্যক্তিগত শিক্ষানুষ্ঠান আছিল। চীনৰ মুঠ শিক্ষানুষ্ঠানৰ এক তৃতীয়াংশতকৈও অধিক ব্যক্তিগত প্ৰতিষ্ঠান। ৫ কোটি ৫৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে সেই বছৰ ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিছিল। 

কিন্তু, কোভিড মহামাৰীৰ বাবে এই ছবিখন বহুত সলনি হৈছে। ইয়াৰ সমান্তৰালকৈ টাইৱানৰ সৈতে চীনৰ ভূ-ৰাজনৈতিক উত্তেজনাও ক্ৰমান্বয়ে মহামাৰীৰ পিছত বৃদ্ধি পাইছে। এই দুটা ঘটনাৰ বাবেই বৃহৎ সংখ্যক বিদেশী নাগৰিকে চীন এৰি গৈছে। ফলত তাত আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে।

নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি বিদ্যালয়ৰ সংখ্যাত চীনক অতিক্ৰম কৰাৰ পিছতো ভাৰতৰ বহু ৰাজ্যৰ বিদ্যালয়ত এতিয়াও ছাত্ৰ-ছাত্ৰীৰ অভাৱ। বহু ৰাজ্যত ৫০ শতাংশতকৈ অধিক প্ৰাথমিক বিদ্যালয়ত ৬০ জনতকৈও কম ছাত্ৰ-ছাত্ৰী আছে। 

এই ক্ষেত্ৰত একাধিক শ্ৰেণীৰ পাঠদান, স্থানীয় লোকৰ সহযোগিতাৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ, প্ৰধান শিক্ষক বা অধ্যক্ষৰ অভাৱ আদিয়ে মূল কাৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ উপৰিও শিক্ষকসকলে শিক্ষাদান বন্ধ কৰি বিভিন্ন সময়ত প্ৰশাসনিক কৰ্তব্য পালন কৰিবলগীয়া হোৱা কথাটোৱেও ভাৰতৰ স্কুলীয়া শিক্ষা দুৰ্বল কৰি তুলিছে।

এই সমস্যাৰ সমাধান হিচাপে নিটি আয়োগে বিদ্যালয়সমূহ একত্ৰিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এইটোৱেই নামভৰ্তিৰ অভাৱৰ সমস্যাৰ অন্যতম ফলপ্ৰসূ সমাধান হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ওড়িশা ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে এই ৰাজ্যসমূহৰ সকলো শিশুৱে যাতে উচ্চমানৰ শিক্ষা লাভ কৰে তাৰ বাবে যৌথ উদ্যোগ লৈছে। প্ৰতিবেদনত ৰাজ্যসমূহক বৃহৎ আৰু সংহত দ্বাদশ শ্ৰেণীৰ বিদ্যালয় স্থাপনৰ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd