বিশ্বজুৰি গণিত প্ৰতিযোগিতাৰ আটাইতকৈ সন্মানীয় মঞ্চ ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড (IMO) ২০২৫ত ভাৰতীয় দলে চমৎকাৰী প্ৰদৰ্শন দেখুৱাইছে। অষ্ট্ৰেলিয়াৰ চানশ্বাইন ক’ষ্টত অনুষ্ঠিত এই ৬৬ সংখ্যক অলিম্পিয়াডত ভাৰত ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ কৰিবলৈ সক্ষম হয়। দেশটোৱে মুঠ ১৯৩ পইণ্ট অৰ্জন কৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে।
তিনিটা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জসহ ভাৰতীয় দলে এইবাৰ মুঠ ৬টা পদক লাভ কৰিবলৈ সক্ষম হয়। স্বৰ্ণ পদক লাভ কৰা ছাত্ৰসকল হৈছে কনভ তালৱাৰ, আৰৱ গুপ্তা আৰু আদিত্য মাংগুদী। তদুপৰি এবেল জৰ্জ মেথিউ আৰু আদিছ জৈনে ৰূপৰ পদক আৰু আৰ্চিত মানসে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে, দলটোৰ চাৰিজন সদস্য দিল্লীৰ বুলি জানিব পৰা গৈছে।
ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (ISI) দিল্লীৰ অধ্যাপক শান্তা লেশ্ৰামে। তেওঁৰ সহযোগী আছিল ISI বেংগালুৰুৰ ডাঃ মাইনক ঘোষ। দলটোৰ সৈতে পৰ্যবেক্ষক হিচাপে আছিল MITৰ অতুল শতাৱৰ্ত নাদিগ আৰু ডাঃ ৰিজুল ছাইনী।
উল্লেখ্য যে ভাৰতে দ্বিতীয়বাৰৰ বাবে IMOত তিনিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ১৯৯৮ চনতো এনে সফলতা অৰ্জন কৰিছিল। ভাৰতে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে IMOত অংশগ্ৰহণ কৰিছিল আৰু এতিয়ালৈকে ৭ বাৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। হোমি ভাৱা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (HBCSE) আৰু টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR) ভাৰতৰ ছাত্ৰ-ছাত্ৰী নিৰ্বাচন আৰু প্ৰশিক্ষণৰ দায়িত্বত থাকে।
এইবাৰৰ অলিম্পিয়াডৰ এটা উল্লেখযোগ্য দিশ হ’ল Open AI ৰ অংশগ্ৰহণ। AI মডেলটোৱে ৬টা প্ৰশ্নৰ ভিতৰত ৫টা সফলভাৱে সমাধান কৰি স্বৰ্ণ পদক লাভ কৰে। AIৰ এনে সফলতাই আগন্তুক সময়ত গণিত অলিম্পিয়াডৰ দিশ আৰু প্ৰযুক্তিৰ ভূমিকা সন্দৰ্ভত গভীৰ চৰ্চা লাভ কৰিছে।
প্ৰসংগ ক্ৰমে বিশ্বজুৰি গাণিতিক প্ৰতিভাৰ পৰীক্ষাৰ বাবে IMO এক অতি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে দুদিন ধৰি ৪.৩০ ঘণ্টাৰ কঠিন লিখিত পৰীক্ষা দিয়ে। গভীৰ যুক্তি, চিন্তন আৰু সমস্যা সমাধানৰ ক্ষমতাক ইয়াত মূল্যায়ন কৰা হয়। ভাৰতৰ এই সফলতাই দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ গাণিতিক সক্ষমতাৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত হৈছে।