• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইন্দিৰা গান্ধীৰ জন্মদিনৰ বাবেই ফাইনেলত হাৰিল ভাৰত! আজৱ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2023 10:16 am
panauti Cricket World Cup Himanta Biswa Sarma
6.2k
VIEWS
Share on FacebookShare on Twitter

যোৱা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈ বিশ্বকাপ অৰ্জনৰ পৰা বঞ্চিত হ’ল ভাৰত। ভাৰতীয় দলৰ এই পৰাজয়ত শোকাহত হ’ল ভাৰতীয় ক্ৰিকেট অনুৰাগী। কোনো কোনোৱে বিশ্লেষণ কৰিলে দলৰ পৰাজয়ৰ কাৰণসমূহ।

কিন্তু তাৰ সমান্তৰালকৈ এই পৰাজয়ক কেন্দ্ৰ কৰি ৰাজনৈতিক বাক-বিতণ্ডাৰো উদ্ভৱ হৈছে। মেচখন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বাবেই ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হ’ল বুলি কটাক্ষ কৰিছে একাংশ লোকে।

আনহাতে একাংশই আকৌ নৰেন্দ্ৰ মোদী বিশ্বকাপৰ ফাইনেল দৰ্শনৰ বাবে ষ্টেডিয়ামত উপস্থিত থকাৰ বাবেই ভাৰত পৰাস্ত হ’ল বুলিও কটুক্তি কৰিছে। তাৰ মাজতে মোদীক ‘পনৌতি’ অৰ্থাৎ অমঙ্গলীয়া আখ্যা দি একাংশই চ’ছিয়াল মিডিয়াত জোৱাৰ তুলিছে।

এই অনাহূত বিতৰ্কত নামি পৰিছে ৰাজনৈতিক দলসমূহো। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক সভাতে মুকলিকৈ ভাৰতৰ পৰাজয়ৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিক জগৰীয়া কৰি বিতৰ্কত লিপ্ত হৈছিল।

যোৱা মঙলবাৰে ৰাজস্থানত অনুষ্ঠিত এখন সভাত ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে ভাল খেলিছিল আৰু বিশ্বকাপো জয় কৰিলেহেঁতেন৷ কিন্তু ফাইনেলত ‘পনৌতি’ উপস্থিত থকাৰ বাবেই ভাৰত পৰাস্ত হ’ল।

নাম উল্লেখ নকৰাকৈ ৰাহুল গান্ধীয়ে মূলত: নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি এই বিতৰ্কিত মন্তব্য কৰিছিল। গান্ধীৰ এই মন্তব্যই সৃষ্টি কৰিছিল তীব্ৰ বিতৰ্কৰ। এনে বিতৰ্কত এইবাৰ সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মোদীৰ ‘পনৌতি’ অভিধাৰ একপ্ৰকাৰে প্ৰত্যাক্ৰমণ হিচাপে হিমন্ত বিশ্ব শৰ্মাই নিৰ্ণয় কৰিছে ভাৰতীয় দলৰ পৰাজয়ৰ আন এক কাৰণ। এই কাৰণ হেচাপে হিমন্ত বিশ্ব শৰ্মাই চিহ্নিত কৰিছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক।

হিমন্ত বিশ্ব শৰ্মাৰ মতে, বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ কাৰণ মোদীৰ উপস্থিতি নহয়, বৰঞ্চ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিনত খেলখন অনুষ্ঠিত হোৱাৰ বাবেই ভাৰতীয় দল পৰাস্ত হয়।

তেওঁ লগতে গান্ধী পৰিয়ালৰ কোনো সদস্যৰ জন্মদিনত যাতে কোনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত নহয়, তাৰ বাবে বিচিচিআইক অনুৰোধ জনাব বুলিও তীৰ্যক আক্ৰমণ কৰে আৰু বিশ্বকাপৰ ফাইনেলত হোৱা পৰাজয়ৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায়।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd