• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তপ্ত মণিপুৰ, নিৰুদ্বেগ কেন্দ্ৰ! সংসদত আজি ক’লা পোচাক পৰিধানেৰে প্ৰতীকী প্ৰতিবাদৰ সিদ্ধান্ত বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2023 8:00 am
No-Trust motion against govt

প্ৰতিনিধিত্বমূলক ছবি

1.5k
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰ। গোষ্ঠীগত সংঘৰ্ষই জলন্ত অগ্নিকুণ্ডত পৰিণত কৰা মণিপুৰৰ অমানুষিক হিংসাত্মক কাৰ্যকলাপে সম্প্ৰতি কেৱল দেশতে নহয়, বিদেশতো উদ্বেগৰ জোকাৰণি তুলিছে। মণিপুৰৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিয়ে হচকিত কৰি তুলিছে সকলোকে।

কিন্তু সমান্তৰালভাৱে এই সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভঙ্গীয়েও আশ্চৰ্যচকিত কৰি তুলিছে দেশবাসীক। প্ৰধানমন্ত্ৰী মোদীৰ লগতে শাসকীয় এন ডি এ চৰকাৰৰ মণিপুৰৰ ক্ষেত্ৰত নিৰুদ্বেগ স্থিতিক লৈ আক্ৰমণাত্মক হৈ উঠিছে বিৰোধী।

ৰাজ্যখনৰ হিংসাজৰ্জৰ পৰিস্থিতিয়ে প্ৰায় তিনিমান সম্পূৰ্ণ কৰাৰ দিশত যদিও এই বিষয়ত এতিয়ালৈকে কোনো ৰাজহুৱা বক্তব্য প্ৰকাশ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে চৰকাৰৰো নাই এই বিষয়ত স্পষ্ট বক্তব্য। অশান্ত মণিপুৰলৈ শান্তি-শৃংখলা ঘূৰাই অনাত চূড়ান্ত ব্যৰ্থ হৈছে চৰকাৰ।

মণিপুৰৰ বিষয়ত অস্বাভাৱিক নিৰৱতাক লৈ প্ৰধানমন্ত্ৰী মোদী তথা চৰকাৰক ধাৰাবাহিক আক্ৰমণ চলাই আহিছে বিৰোধীয়ে। লক্ষণীয়ভাৱে কেৱল মাত্ৰ শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যখনত সংঘটিত নৃশংস নাৰী উৎপীড়নৰ ঘটনা সন্দৰ্ভতহে মোদীৰ মুখত শুনা গৈছিল গৰিহণা।

প্ৰধানমন্ত্ৰী মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ এই আশ্চৰ্যকৰ নিৰৱতাৰ বিৰুদ্ধে আজি এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে বিৰোধী। আজি সংসদত ক’লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বিৰোধী মিত্ৰজোঁট INDIAৰ অন্তৰ্ভুক্ত সাংসদ সকলে।

এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে বিৰোধীৰ এই সিদ্ধান্তৰ বিষয়ে। বিৰোধী মিত্ৰজোঁটৰ এগৰাকী সাংসদৰ ভাষ্য মতে, সংসদৰ চলিত অধিৱেশনৰ সময়ত মণিপুৰৰ পৰিস্থিতিৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতা অৱলম্বনৰ যি অভিযোগ, তাৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ লোৱা হৈছে।

লক্ষণীয়ভাৱে, বুধবাৰে কেন্দ্ৰৰ এই ব্যৰ্থতা আৰু নিৰৱতাৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল বিৰোধীয়ে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই প্ৰস্তাৱ স্বীকাৰ কৰি এই সন্দৰ্ভত বিতৰ্কৰ তাৰিখ শীঘ্ৰেই নিৰ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

Recent News

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd