NORTHEAST NOW (Assamese)

ভাৰতে ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ কেতিয়াও নাপাহৰে, নতুন নীতিৰে সন্ত্ৰাসবাদ বিৰোধী যুঁজ অব্যাহত থাকিব : প্ৰধান মন্ত্ৰী

November 26, 2020 5:17 pm · এন ই নাও নিউজ

২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দ্বাদশ বৰ্ষপুৰ্তিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে কেতিয়াও মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ নাপাহৰে বুলি কয়।

‘‘পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে মুম্বাই আক্ৰমণ সংঘটিত কৰিলে। বিদেশী নাগৰিকৰ লগতে ভালেসংখ্যক সাহসী আৰক্ষী বিষয়াই প্ৰাণ হেৰুৱালে। মই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতে সেই আক্ৰমণৰ নৃশংসতা কেতিয়াও নাপাহৰে,’’ প্ৰধান মন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে এইদৰে কয়।

ভাৰতে নতুন নীতিৰে সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ যুঁজ অব্যাহত ৰাখিব বুলিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰে।

আনহাতে, ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দ্বাদশ বৰ্ষপুৰ্তিত আমেৰিকা যুক্তৰাষ্ট্ৰয়ো সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনত সদায় ভাৰতৰ সৈতে একেলগে আছে বুলি মত প্ৰকাশ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধত সদায় ভাৰতৰ সৈতে আছে। মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা ছয় গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ সৈতে সকলো ভূক্তভূগীৰ ন্যায়ৰ বাবে আমেৰিকাই সদায় ভাৰতৰ সৈতে একেলগে থিয় দিব,’’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগে এক বিবৃতিত এইদৰে কয়।

পাকিস্তানৰ লস্কৰ-ই-তৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সংঘটিত কৰা মুম্বাই আক্ৰমণত ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

Related News