NORTHEAST NOW (Assamese)

ইণ্ডিয়া অ’পেন বক্সিং : পদক নিশ্চিত অসমৰ আটাইকেইগৰাকী বক্সাৰৰ

May 23, 2019 9:55 am · এন ই নাও নিউজ
হেলেনি ডামিনৰ বিৰুদ্ধে অসমৰ শিৱ থাপা। ফটো য়ু বি

অসমৰ দুই তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ভাগ্যৱতী কাছাৰীয়ে গুৱাহাটীত চলি থকা ইণ্ডিয়া অ’পেন বক্সিঙৰ ছেমি ফেইনেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰৱেশ কৰাৰ পিছতে অসমৰ আৰু ৩গৰাকী বক্সাৰে প্ৰতিযোগিতাখনৰ ছেমিত প্ৰৱেশ কৰিছে।

উক্ত বক্সাৰ ৩ গৰাকী হৈছে শিৱ থাপা, ফাইলাও বসুমতাৰী আৰু অংকুশিতা বড়ো।

বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাই ৬০ কিলোগ্ৰাম শাখাত মৰিছাছৰ হেলেনি ডামিনক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে অংকুশিতা বড়োয়ে ৬৪ কিলোগ্ৰাম শাখাত ভাৰতৰে ললিতাক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে আনহাতে ৬৪ কিলোগ্ৰম শাখাত খেলা অসমৰ আন এগৰাকী বক্সাৰ ফাইলাও বসুমতাৰীয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে নেপালৰ পুনম ৰাৱালক।

Related News