ভয়ত কঁপিছে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বী, কিন্তু কিয়?

a bkureshi

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে।

এই আশংকা ব্যক্ত কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰীশ্বাহ মেহমুদ কুৰেশ্বীয়ে।

সংযুক্ত আৰৱ গণৰাজ্যৰ আবুধাবিত আজি পাকিস্তানৰ বিদেশমন্ত্ৰী কুৰেশ্বিয়ে এই আশংকা ব্যক্ত কৰি কয় যে ভাৰতৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খন এতিয়া বহু চাপৰ মাজত আছে।

বিশেষকৈ কৃষক বিদ্ৰোহে চৰকাৰ খনক কঁপা তুলিছে। এনে পৰিস্থিতিত ভাৰতৰ চৰকাৰে কৃষক বিদ্ৰোহৰ বিষয়টোক মানুহৰ মনৰ পৰা আঁতৰাই নিবলৈ পাকিস্তানৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতৰ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি কুৰেশ্বীয়ে কয় যে এই ব্যৰ্থতা ঢাকি ৰখাৰ বাবেও ভাৰতে পাকিস্তানৰ বিৰুদ্ধ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে।

উল্লেখ্য কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাই ২০ জনকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰাৰ পিছতে ভাৰতীয় বায়ুসেনাই নিশাৰ অন্ধকাৰত পাক অধিকৃত কাশ্মীৰৰ বালাকোটত স্থাপন কৰা পাক সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলাইছিল।

ভাৰতৰ এই ছাৰ্জিকেল ষ্ট্ৰাইকে সমগ্ৰ বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকে কঁপাই তুলিছিল পাকিস্তানৰো বুকু। কিন্তু ছাৰ্জিকেল ষ্ট্ৰাইকৰ স্মৃতি মাৰ নৌযাওতেই পাকিস্তানে পুনৰ বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটি স্থাপন কৰা বুলিও কথা ওলাইছে।

সেই ঘাটিত জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ নেতা জুবেৰে শ শ যুৱকক ভাৰতৰ বিৰুদ্ধে সংগঠিত কৰাৰ লগতে তেওঁলোকক দি গৈছে সামৰিক প্ৰশিক্ষণ।

ভাৰতীয় চোৰাংচোৱাৰ হাতত  এই তথ্য আহি পৰাৰ পিছতে বিষয়টো সন্দৰ্ভত মুকলিকৈ ষ্পষ্টীকৰণ দিয়াৰ সাহস গোটাব পৰা নাই পাকিস্তানে।

চোৰাংচোৱাৰ তথ্য অনুসৰি পাকিস্তান চৰকাৰৰ পূৰ্ণ সমৰ্থন লাভ কৰি দেশ খনত এতিয়া সক্ৰিয় হৈ আছে ৪০ হাজাৰৰো অধিক সন্ত্ৰাসবাদী।

সেয়ে বালাকোটত পুনৰ পাক সন্ত্ৰাসবাদীয়ে ঘাটি স্থাপন কৰাক চাই কাশ্মীৰত পুনৰ পুলৱামা সদৃশ ভয়ংকৰ কূটাঘাত সংঘটিত হোৱাৰ আশংকাই গা কৰি উঠিছে।