• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনে ভূটানৰ যিখিনি ঠাই নিজৰ বুলি দাবী কৰিছে, তাতেই এতিয়া ভাৰতে নিৰ্মাণ কৰিব পথ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 11:15 am
WhatsApp Image 2020-07-14 at 10.29.39 AM

ভূটান সীমান্তৰ পথৰ প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: বি আৰ অ'

558
VIEWS
Share on FacebookShare on Twitter

ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত এটা পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। পথটো নিৰ্মাণ হ’লে গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ দূৰত্ব ১৫০ কিলোমিটাৰ হ্ৰাস পাব।

শেহতীয়াকৈ ভূটানৰ এই সীমান্ত অঞ্চল চীনে নিজৰ বুলি দাবী কৰিছিল। এই পথটো নিৰ্মাণ হ’লে কৌশলগতভাৱে ভাৰতৰ লাভ হ’ব কিয়নো পথটো চীনৰ সীমাৰ কাষেৰে পাৰ হৈ যাব।

পথটো নিৰ্মাণ হ’লে ভাৰতে চীনতকৈ কেইবাগুণো অধিক সেনা ক্ষিপ্ৰতাৰে সীমান্ত অঞ্চলত নিয়োগ কৰিব পাৰিব।

তদুপৰি, ইয়াৰ ফলত টাৱাঙৰ উপৰি ভূটান গোটেই পূব সীমান্ত তথা উত্তৰ-পূবৰ ৰাজ্যৰসৈতে থকা চীনৰ সীমান্তলৈ ক্ষিপ্ৰতাৰে সেনা প্ৰেৰণ কৰিব পাৰিব।

বাতৰি অনুসৰি, ভাৰত চৰকাৰে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনক পথ নিৰ্মাণৰ কামৰ দায়িত্ব দিছে।

এই পথটোৱে টাৱাঙৰ সমীপৰ লুমলাক ভূটানৰ ত্ৰাশিগঙৰ সৈতে সংযুক্ত কৰিব। ইয়াৰ পৰা থিম্ফু কাষতে পৰিব আৰু ভাৰতৰ সীমাত থাকিব। ইয়াৰ ফলত ভাৰত আৰু ভূটানৰ সুৰক্ষা বৃদ্ধি পোৱাৰ লগতে যোগাযোগো বৃদ্ধি পাব।

চীনে অলপতে ভূটানৰ সুদীৰ্ঘ পূব অঞ্চলত নিজৰ অধিকাৰ সাৱ্যস্ত কৰাৰ প্ৰয়াস চলাইছিল। এই অঞ্চলটো অৰুণাচল প্ৰদেশৰ সেই ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ বিস্তৃত অংশৰ সৈতে সংলগ্ন য’ত চীনে নিজৰ প্ৰভুত্ব দাবী কৰে।

ভূটান আৰু চীনে ১৯৮৪চনৰ পৰাই নিজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আলোচনা চলাই আহিছে। কিন্তু শেহতীয়াকৈ ভাৰতৰ সৈতে চীনৰ সংঘাতৰ মাজতে চীনে ভাৰত-ভূটান সীমান্ততো নিজৰ আধিপত্য প্ৰদৰ্শন আৰম্ভ কৰে।

উল্লেখ্য যে ১৯৮৪চনৰ পৰা ২০১৬চনলৈকে চীন আৰু ভূটানৰ মাজত সীমা বিবাদক লৈ ২৪খন বৈঠক অনুষ্ঠিত হৈছে। কিন্তু ডোকলাম বিবাদৰ পাছতে ভূটান আৰু চীনৰ মাজত আলোচনা বন্ধ হৈ পৰিছে।

আনহাতে, চীনৰ সম্প্ৰসাৰণবাদী মনোভাৱ ঠন ধৰি উঠাৰ সময়তে ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত আৰম্ভ কৰিব খোজা পথ নিৰ্মাণৰ পৰিকল্পনাই চীনৰ বাবে চাপ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd