দুৰ্নীতিময় ভাৰত: ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ দুৰ্নীতি ধাৰণা সূচাংকত ৮৫ স্থানত ভাৰত

India in Corruption Index

কংগ্ৰেছ চৰকাৰৰ সীমাহীন দুৰ্নীতিৰ বিৰুদ্ধে ভাষণ আঁওৰাই, দেশক দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দুৰ্নীতি মুক্ত ভাৰতৰ শেহতীয়া ছবি পোহৰলৈ আহিছে।

ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলে মঙলবাৰে প্ৰকাশ কৰা দুৰ্নীতি ধাৰণা সূচক প্ৰতিবেদনত ১৮০ খন দেশৰ ভিতৰত ৮৫ নম্বৰত স্থান লাভ কৰিছে ভাৰতে।

ভাৰতত দুৰ্নীতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পৰা কিছুমান প্ৰণালী দুৰ্বল হৈ পৰিছে বুলি উল্লেখ কৰিছে প্ৰতিবেদনখনে।

“ভাৰতৰ ঘটনা বিশেষভাৱে উদ্বেগজনক। ভাৰতবৰ্ষত দুৰ্নীতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পৰা কিছুমান প্ৰণালী দুৰ্বল হৈ পৰিছে। দেশৰ গণতান্ত্ৰিক স্থিতিক লৈ উদ্বেগ আছে, কিয়নো মৌলিক স্বাধীনতা আৰু প্ৰতিষ্ঠানগত নিৰীক্ষণ আৰু ভাৰসাম্যৰ ক্ষয় হৈছে।”— প্ৰতিবেদনত এইদৰে কোৱা হৈছে।

ৰাজহুৱা খণ্ডৰ দুৰ্নীতিৰ স্তৰৰ দ্বাৰা ১৮০ খন দেশ আৰু অঞ্চলক স্থান দিয়া সূচকটোৱে দুৰ্নীতি ধাৰণা সূচক (চিপিআই) স্থান দিবলৈ ০ ৰ পৰা ১০০ ৰ স্কেল ব্যৱহাৰ কৰে।

সূচকৰ মান অনুযায়ী ০ ৰ মান অত্যন্ত দুৰ্নীতিগ্ৰস্ত আৰু ১০০ অতি পৰিষ্কাৰ। ট্ৰেন্সপাৰেন্সী ইণ্টাৰনেচনেলে ভাৰতক ৪০ চিপিআই নম্বৰ দিছে।

উল্লেখ্য যে যোৱা বৰ্ষত সমসংখ্যক চিপিআই স্ক’ৰেৰে ভাৰত ৮৬ তম স্থানত আছিল। অৰ্থাৎ দেশত দুৰ্নীতি হ্ৰাস পোৱা বুলি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞাপনৰ মাধ্যমেৰে তীব্ৰ প্ৰচাৰ কৰিলেও এইয়া ভুৱা বুলি প্ৰমাণিত হৈছে।

তদুপৰি প্ৰতিবেদনখনত ভাৰতবৰ্ষত আৰক্ষী, ৰাজনৈতিক উগ্ৰপন্থী, অপৰাধী দল আৰু দুৰ্নীতিগ্ৰস্ত স্থানীয় বিষয়াসকলৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক আৰু কৰ্মীসকলৰ বিপদাশংকাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

প্ৰতিবেদনখনত কোৱা হৈছে, “চৰকাৰৰ বিৰুদ্ধে মাত মাতি থকা নাগৰিক সমাজ সংগঠনবোৰক নিৰাপত্তা, মানহানি, ৰাজদ্ৰোহ, ঘৃণামূলক ভাষণ আৰু আদালত অৱমাননাৰ অভিযোগত অভিযুক্ত কৰা হৈছে।”

আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটাই এইদৰে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাটো সমগ্ৰ দেশখনৰ বাবে এক লজ্জাজনক বিষয়।

তদুপৰি দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত সফল হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ ফোঁপোলা দাবীকো এইদৰে মিছা বুলি প্ৰমাণ কৰিছে প্ৰতিবেদনখনে।

ইয়াৰ পাছতো কেন্দ্ৰৰ বিজেপি চৰকাৰখন নাৱৰ টিঙৰ পৰা নামে নে নানামে সি লক্ষ্যণীয় হ’ব।