স্বস্তিৰ খৱৰ! দেশত যোৱা ২৪ঘন্টাত আৰু হ্ৰাস পালে কৰ’নাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা

Third COVID-19 wave may not happen if we take strong measures, says Centre

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত আৰু হ্ৰাস পাইছে। সেইদৰে হ্ৰাস পাইছে কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যাও।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাটো নিশ্চিত কৰাৰ মাজতে শনিবাৰৰ তুলনাত যোৱা ২৪ঘন্টাত প্ৰায় ৭ হাজাৰ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ১৪ হাজাৰ ৪৬০ জন লোক।

শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১ লাখ ২০ হাজাৰ ৫২৯ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮৯লাখ ৯ হাজাৰ ৩৩৯জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২হাজাৰ ৬৭৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। আনহাতে, শনিবাৰে দেশত ৩হাজাৰ ৩৮০ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৪৬ হাজাৰ ৭৫৯জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১লাখ ৮৯হাজাৰ ২৩২জন। শনিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা আছিল ১লাখ ৯৭হাজাৰ ৮৯৪জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৬৯লাখ ৮৪হাজাৰ ৭৮১জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৪লাখ ৭৭হাজাৰ ৭৯৯জন। শনিবাৰে এই সংখ্যা আছিল ১৫লাখ ৫৫হাজাৰ ২৪৮জন।

বৰ্তমানলৈ দেশত ২৩কোটি ১৩ লাখ ২২ হাজাৰ ৪১৭জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ পথত আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।