NORTHEAST NOW (Assamese)

দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ৪০হাজাৰৰ তললৈ হ্ৰাস; কমিল মৃত্যুৰ সংখ্যাও

July 12, 2021 1:08 pm · এন ই নাও নিউজ

দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক অব্যাহত থকাৰ মাজতে যোৱা ২৪ ঘন্টাত পুনৰ সংক্ৰমণৰ গতি নিম্নগামী হোৱা দেখা গ’ল। কেইবাদিনৰ পাছত আজি পুনৰ দৈনিক সংক্ৰমণ ৪০ হাজাৰৰ তললৈ নামিল।

আনহাতে, পূৰ্বৰ দুদিনৰ তুলনাত যোৱা ২৪ ঘন্টাত দৈনিক মৃত্যুৰ সংখ্যা বহুখিনি হ্ৰাস পালে। দেশত কৰ’নাৰ নতুন নতুন ষ্ট্ৰেইন দেখা দিয়াৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাৰ মাজতে কিছু স্বস্তি দেখা গৈছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৭ হাজাৰ ১৫৪ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪১ হাজাৰ ৫০৫ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৮ লাখ ৭৪হাজাৰ ৩৭৬ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৭২৪ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৮ হাজাৰ ৭৬৪জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৯ হাজাৰ ৬৪৯ জন। সুস্থতাৰ হাৰ হৈছে ৯৭.২২শতাংশ।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ১৪ হাজাৰ ৭১৩ জন।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৫০হাজাৰ ৮৯৯জন।

ইপিনে, দেশত এতিয়ালৈকে ৩৭কোটি ৭৩লাখ ৫২হাজাৰ ৫০১জনক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘন্টাত ভেকচিন প্ৰদান কৰা হৈছে ১২লাখ ৩৫হাজাৰ ২৮৭জনক।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰাখিছে। আকৌ নতুনকৈ জিকা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। কেৰালাত বহু লোকৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

স্বাভাৱিকতে দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

Related News