NORTHEAST NOW (Assamese)

দেশত যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানজনে হেৰুৱালে প্ৰাণ?

July 26, 2021 10:49 am · এন ই নাও নিউজ

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ দৰে ৪০হাজাৰৰ সামান্য তলতেই থাকিল। সেইদৰে দৈনিক মৃত্যুৰ সংখ্যা পাঁচশৰ তলতে আছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৯ হাজাৰ ৩৬১জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৯ হাজাৰ ৭৪২জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৪লাখ ১২হাজাৰতকৈ সামান্য বেছি।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪১৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২০ হাজাৰ ৯৬৭জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৫ হাজাৰ ৯৬৮ জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৫লাখ ৭৯ হাজাৰ ১০৬ জন।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ১১হাজাৰ ১৮৯জন।

ইপিনে, দেশত এতিয়ালৈকে ৪৩কোটি ৫১ লাখ ৯৬হাজাৰ ১জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে অলপতে সদৰী কৰিছিল যে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে।

ইপিনে, দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। তাৰ মাজতে দেশত কৰ’না ভাইৰাছৰ কেইবাটাও ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে।

Related News