দেশত কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা হ্ৰাস; যোৱা ২৪ ঘন্টাত মুঠ আক্ৰান্ত হ’ল কিমান?
দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাতো সংক্ৰমণৰ ঘটনা সামান্য হ্ৰাস পোৱাৰ লগতে দৈনিক মৃত্যুৰ সংখ্যাও আজি পাঁচশৰ ভালেখিনি তললৈ নামিছে।
সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪০ হাজাৰ ১৩৪ গৰাকী লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪১ হাজাৰ ৮৩১ গৰাকী লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৬লাখ ৯৫ হাজাৰ ৯৫৮গৰাকী।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪২২ গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৫৪১গৰাকী।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৪ হাজাৰ ৭৭৩গৰাকী লোক।
দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩৬হাজাৰ ৯৪৬গৰাকী।
সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৮লাখ ৫৭ হাজাৰ ৪৬৭ গৰাকী।
দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ১৩হাজাৰ ৭১৮গৰাকী।
দেশত এতিয়ালৈকে ৪৭ কোটি ২২লাখ ২৩ হাজাৰ ৬৩৯গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ভেকচিন দিয়া হৈছে ১৭লাখ ৬হাজাৰ ৫৯৮গৰাকী লোকক।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে বুলি সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ শীঘ্ৰেই আৰম্ভ হোৱাৰ আশংকা কৰা হৈছে।