সাৱধান! দেশত আজিও দৈনিক সংক্ৰমণ ৪০ হাজাৰতকৈ অধিক; মৃত্যুৰ সংখ্যাও পালে বৃদ্ধি

Corona India

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক অব্যাহত থকাৰ মাজতে কেইবাদিনো ধৰি দৈনিক সংক্ৰমণ নিম্নগামী হোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছিল।

কিন্তু বৃহস্পতিবাৰে পুনৰ সংক্ৰমণৰ গতি উৰ্দ্ধগামী হোৱা দেখা গ’ল। তাৰ পাছতে শুকুৰবাৰেও দৈনিক সংক্ৰমণ ৪০ হাজাৰৰ ওপৰত থকাৰ লগতে মৃত্যুৰ সংখ্যা পূৰ্ৰ দিনৰ তুলনাত প্ৰায় ১০০ বৃদ্ধি পালে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৩ হাজাৰ ৩৯৩ জন লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৫ হাজাৰ ৮৯২ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৭ লাখ ৫২ হাজাৰ ৯৫০ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত৯১১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫হাজাৰ ৯৩৯জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৫৮ হাজাৰ ৭২৭জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪৪ হাজাৰ ৪৫৯ জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৯৮ লাখ ৮৮ হাজাৰ ২৮৪ জন।

বৰ্তমানলৈ দেশত ৩৬ কোটি ৮৯ লাখ ৯১ হাজাৰ ২২২ জনক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত টিকাকৰণ হৈছে ৪০লাখ ২৩হাজাৰ ১৭৩জনৰ।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰাখিছে। আকৌ নতুনকৈ জিকা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। কেৰালাত কমেও ১৩ জনৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।