দেশত ৫ শতাংশ হ্ৰাস পালে দৈনিক সংক্ৰমণ; বিগত ২৪ ঘন্টাত কৰ’নামুক্ত হ’ল ৫৭হাজাৰৰো অধিক

index.jpg22

বিশ্বৰ তৃতীয়খন দেশ হিচাপে ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যাই ইতিমধ্যে ৪ লাখ অতিক্ৰম কৰিছে। কিন্তু তাৰমাজতো দেশত দৈনিক সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে নিম্নগামী হোৱা দেখা গৈছে।

মৃত্যুৰ সংখ্যাই উদ্বেগ বৃদ্ধি কৰি ৰখাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত ৫শতাংশ হ্ৰাস পাইছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৪হাজাৰ ১১১ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৬হাজাৰ ৬১৭ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৫লাখ ২ হাজাৰ ৩৬২ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৭৩৮জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ১হাজাৰ ৫০জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৯৫হাজাৰ ৫৩৩জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৫৭ হাজাৰ ৪৭৭জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৯৬লাখ ৫হাজাৰ ৭৭৯জন।

দেশত যোৱা ২৪ ঘন্টাত ১৮ লাখ ৭৬হাজাৰ ৩৬জন লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে।

বৰ্তমানলৈ দেশত ৩৪কোটি ৪৬লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰিছে।