NORTHEAST NOW (Assamese)

দেশত পুনৰ বৃদ্ধি কৰ’নাৰ দৈনিক আক্ৰান্তৰ সংখ্যা; কেৰালাত উদ্বেগজনকভাৱে বৃদ্ধি সংক্ৰমণ

July 30, 2021 11:52 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা পুনৰ সামান্য বৃদ্ধি পাইছে। সেইদৰে দৈনিক মৃত্যুৰ সংখ্যাও পুনৰ পাঁচশৰ ওপৰতে আছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৪ হাজাৰ ২৩০ গৰাকী লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৩ হাজাৰ ৫০৯ গৰাকী লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৫লাখ ৭২ হাজাৰ ৩৪৪ গৰাকী।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৫৫ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৩ হাজাৰ ২১৭গৰাকী লোক।

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪২হাজাৰ ৩৬০গৰাকী।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৭লাখ ৪৩ হাজাৰ গৰাকী।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৫হাজাৰ ১৫৫গৰাকী।

দেশত এতিয়ালৈকে ৪৫কোটি ৬০লাখ ৩৩হাজাৰ ৭৫৪গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে অলপতে সদৰী কৰিছিল যে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে। ভাৰততো তৃতীয় ঢৌ আৰম্ভ হোৱাৰ একেবাৰে কাষ পাইছে বুলি কোৱা হৈছে।

দেশত আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে কেৰালাত বৃদ্ধি পোৱা সংক্ৰমণ। যোৱা ২৪ ঘন্টাত দেশত সংক্ৰমণ ঘটা মুঠ লোকৰ প্ৰায় আধা সংখ্যকে হৈছে কেৰালাৰ। সেইদৰে কৰ্ণাটকো ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ইপিনে, দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। তাৰ মাজতে দেশত কৰ’না ভাইৰাছৰ কেইবাটাও ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে।

Related News