দেশত কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা এহাজাৰৰ তললৈ নামিল; হ্ৰাস পালে সংক্ৰমণৰ হাৰ

corona-india-1584429005

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবঢ়াৰ সময়তে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনাই আৰু আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা আশানুৰূপভাৱে হ্ৰাস পোৱাৰ লগতে আৰোগ্যৰ হাৰো বৃদ্ধি পাইছে।

দেশত কৰ’নাৰ তৃতীয় ঢৌ, ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণৰ আতংকৰ মাজতে বিগত কেইদিনত সংক্ৰমণ নিম্নগামী হৈ অহাৰ মাজতে যদিও দেওবাৰে সামান্য বৃদ্ধি পাইছিল সংক্ৰমণ ঘটনা। কিন্তু যোৱা ২৪ ঘন্টাত পুনৰ সংক্ৰমণ হ্ৰাস পোৱাটোৱে স্বস্তি আনিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৬হাজাৰ ১৪৮ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৫০হাজাৰ ৪০ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ২লাখ ৭৯ হাজাৰ ৩৩১ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৯৭৯জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৯৬ হাজাৰ ৭৩০ জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৫লাখ ৭২হাজাৰ ৯৯৪জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৫৮ হাজাৰ ৫৭৮জন। সুস্থতাৰ হাৰ ৯৬.৮শতাংশ।

সেইদৰে, দেশত মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯৩ লাখ ৯হাজাৰ ৬০৭জন।

বৰ্তমানলৈ দেশত ৩২কোটি ২৬লাখ ৬৩হাজাৰ ২৯৭জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

পৰিসংখ্যাই এটা কথা স্পষ্ট কৰি তুলিছে যে দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ প্ৰায় শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰিছে।