দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম; ২৪ ঘন্টাত মৃত্যু ১২৫৮জনৰ

Corona India

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবঢ়াৰ সময়তে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ কেইদিনৰ তুলনাত পুনৰ বৃদ্ধি পাইছে।

আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা আশানুৰূপভাৱে হ্ৰাস পোৱাৰ লগতে বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ।

দেশত কৰ’নাৰ তৃতীয় ঢৌ, ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণৰ আতংকৰ মাজতে বিগত কেইদিনত সংক্ৰমণ নিম্নগামী হোৱাত স্বস্তি পোৱা দেখা গৈছিল যদিও যোৱা ২৪ ঘন্টাত পুনৰ সংক্ৰমণৰ বৃদ্ধি চিন্তাজনক।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৫০হাজাৰ ৪০ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ২লাখ ৩৩ হাজাৰ ১৮৩ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১ হাজাৰ ২শ ৫৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৮৯৫ হাজাৰ ৭৫১ জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৫লাখ ৮৬হাজাৰ ৪০৩জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৫৭ হাজাৰ ৯৪৪জন। এতিয়ালৈকে দেশত মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯২ লাখ ৫১হাজাৰ ২৯জন।

বৰ্তমানলৈ দেশত ৩২কোটি ১৭লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ১৭লাখ ৭৭হাজাৰ ৩০৯টা লোকৰ কোভিড টেষ্ট কৰা হৈছে।

পৰিসংখ্যাই এটা কথা স্পষ্ট কৰি তুলিছে যে দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ প্ৰায় শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ লগতে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰিছে।