বিগত ৭০ দিনৰ ভিতৰত দেশত সৰ্বনিম্ন দৈনিক সংক্ৰমণ; পূৰ্বৰ দিনৰ তুলনাত মৃত্যুৰ সংখ্যা বৃদ্ধি

index.jpg22

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা  বিগত ৭০ দিনৰ ভিতৰত সৰ্বনিম্ন দেখা গৈছে।

আনহাতে, কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত সামান্য বৃদ্ধি পোৱা  দেখা গৈছে। সেইদৰে আৰোগ্যৰ হাৰ হ্ৰাস পাইছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৮৪ হাজাৰ ৩৩২ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৯১ হাজাৰ ৭০২ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯৩লাখ ৫৯ হাজাৰ ১৫৫জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪হাজাৰ ২জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। আনহাতে, শুকুৰবাৰে দেশত ৩হাজাৰ ৪০৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

উল্লেখ্য যে বৃহস্পতিবাৰে দেশত ৬হাজাৰ ১৪৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল। এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈ এদিনত মৃত্যুৰ ঘটনা এইটোৱে আছিল সৰ্বাধিক।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৬৭ হাজাৰ ৮১জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১লাখ ২১হাজাৰ ৩১১জন। শুকুৰবাৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা আছিল ১লাখ ৩৪হাজাৰ ৫৮০জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১০লাখ ৮০হাজাৰ ৬৯০জন। শুকুৰবাৰে চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা আছিল ১১লাখ ২১হাজাৰ ৬৭১জন।

বৰ্তমানলৈ দেশত ২৪কোটি ৯৬ লাখ ৩০৪জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।