দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে দৈনিক সংক্ৰমণৰ হাৰ নিম্নগামী হৈ অহাটোৱে যথেষ্ট সকাহ দিছে। তথাপি কোভিড পৰিস্থিতিৰ জটিলতা এতিয়াই আঁতৰা যোৱা বুলি ক’ব নোৱাৰি।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাৰ লগতে মৃত্যুৰ হাৰো কম হোৱাৰ তথ্যৰে ইংগিত দিছে।
কিন্তু তাৰ মাজতো আক্ৰান্তৰ ভিতৰত দৈনিক মৃত্যুৰ সংখ্যাই কেন্দ্ৰীয় চৰকাৰৰ উদ্বিগ্ন কৰি ৰাখিছে।
বিগত ২৪ ঘন্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ২লাখৰ বহু তললৈ নামিছে। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৫২হাজাৰ ৭৩৪ জন লোক।
দেওবাৰে দেশত ১ লাখ ৬৫হাজাৰতকৈ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮০লাখ ৪৭ হাজাৰ ৬৩৪জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩ হাজাৰ ১২৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ২৯ হাজাৰ ১০০জন।
সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৫৬ লাখ ৯২হাজাৰ ৩৪২জন লোক।
আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ২০লাখ ২৬হাজাৰ ৯২জন।
বৰ্তমানলৈ দেশত ২১কোটি ৩১ লাখ ৫৪হাজাৰ ১২৯জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।
বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ পথত আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।
আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও কৰিছে বিশেষজ্ঞসকলে।