দেশত পুনৰ দৈনিক সংক্ৰমণৰ বিশ্বৰেকৰ্ড! উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

warrior

প্ৰতিনিধিত্বমূলক ফটো।

দেশত পুনৰ দৈনিক কৰ’না সংক্ৰমণৰ ঘটনাই বিশ্বৰেকৰ্ড গঢ়িলে। বুধবাৰে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰায় ৩লাখ ১৫হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ২৪ ঘন্টাত পূৰ্বৰ এই ভংগ কৰি প্ৰায় ৩লাখ ৩৩হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে। একেদৰে বাঢ়িছে মৃত্যুৰ সংখ্যাও।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩লাখ ৩২হাজাৰ ৭৩০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক।

পূৰ্বৰ দিনৰ তুলনাত এয়া প্ৰায় ১৭হাজাৰ অধিক। সেইদৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১কোটি ৬২লাখ ৬৩হাজাৰ ৯৬৫জন।

বিগত ২৪ ঘন্টাত দেশত ২হাজাৰ ২৬৩ জন লোকৰ কৰ’নাত মৃত্যু হৈছে। দেশত এতিয়া মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৮৬হাজাৰ ৯২০জনলৈ বৃদ্ধি পাইছে।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ১লাখ ৯৩হাজাৰ ২৭৯জন লোকে। এয়া দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ বহু কম। ইয়াৰ ফলত দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা একে ঢাপে ২৪লাখ ২৮হাজাৰ ৬১৬জনলৈ বৃদ্ধি পালে।

দেশত এতিয়ালৈকে মুঠ ১কোটি ৩৬লাখ ৪৮হাজাৰ ১৫৯জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

আনহাতে, দেশত এতিয়ালৈ মুঠ ১৩ কোটি ৫৪লাখ ৭৮হাজাৰ ৪২০জন লোকে কৰ’নাৰ ভেকচিন লাভ কৰিছে।