Covid-19 Update সংক্ৰমণ নহয়, দেশত কৰ’নাৰ দৈনিক মৃত্যুৰ সংখ্যাই পুনৰ বৃদ্ধি কৰিছে উদ্বেগ

WhatsApp Image 2021-11-05 at 9.11.41 AM

Covid Update দেশত কোভিড-১৯ৰ তৃতীয়টো ঢৌৰ চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও দৈনিক মৃত্যুৰ সংখ্যাই পুনৰ বৃদ্ধি কৰিছে উদ্বেগদৈনিক সংক্ৰমণ তথা সক্ৰিয় ৰোগীৰ সংখ্যা নিম্নগামী হোৱাৰ বিপৰীতে মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ৮৫৩ জন লোক।

দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত সংখ্যা হৈছেগৈ প্ৰায় ৩কোটি ৪৩লাখ ৫৫হাজাৰ জন। দেশত বৰ্তমান দৈনিক পজিটিভিটিৰ হাৰ হৈছে ১.১৮শতাংশ।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫২৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬০ হাজাৰ ৭৯১জন।

Also Read: Assassination Attempt on Iraqi prime minister বাগদাদত ইৰাকৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ড্ৰোণ আক্ৰমণ; নিৰাপত্তা বেষ্টনী ভাঙি হত্যাৰ প্ৰচেষ্টা!

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ৪৩২ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৭লাখ ৪৯ হাজাৰ ৯৯০জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৪হাজাৰ ৮৪৫জন। এয়া বিগত ২৬০ দিনৰ ভিতৰত সৰ্বনিম্ন আৰু মুঠ আক্ৰান্তৰ মাত্ৰ ০.৪৬শতাংশ।

Also Read: Syed Mushtaq Ali Trophy: ৰিয়ান পৰাগৰ অধিনায়কোচিত বেটিং; বিহাৰক ৩ উইকেটত হৰুৱালে অসমে

বৰ্তমানলৈ দেশত ১০ কোটি ২১ লাখ হাজাৰ ৩৬৫জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ২৮ লাখ ৪০ হাজাৰ জন লোকক ভেকচিন প্ৰদান কৰা হৈছে

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে।