Assassination attempt on Iraqi prime minister দেওবাৰে পুৱাই বাগদাদত ইৰাকৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ড্ৰোণ আক্ৰমণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰক ভৰ্তি এখন ড্ৰোণে ইৰাকৰ প্ৰধানমন্ত্ৰী মোস্তাফা আল-কাদিমীৰ বাসভৱনলৈ লক্ষ্য কৰি উৰি আহে।
প্ৰাথমিকভাৱে, এই ড্ৰোণ আক্ৰমণ প্ৰধানমন্ত্ৰী মোস্তাফা আল-কাদিমীক হত্যা কৰাৰ এক প্ৰচেষ্টা বুলি অনুমান কৰা হৈছে।
বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী কাদিমী বৰ্তমান সুৰক্ষিত হৈ আছে বুলি ইৰাকৰ সামৰিক বাহিনীয়ে জানিবলৈ দিছে।
সেনাৰ বিবৃতিত কোৱা হৈছে যে বাগদাদৰ সুৰক্ষিত গ্ৰীণ জ’নত প্ৰধানমন্ত্ৰী গৰাকীৰ বাসভৱনলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়।
চৰকাৰী সূত্ৰই সদৰী কৰা মতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত কমেও এটা বিস্ফোৰণ সংঘটিত হৈছে যদিও প্ৰধানমন্ত্ৰী কাদিমী সুৰক্ষিত অৱস্থাত আছে।
Also Read: Syed Mushtaq Ali Trophy: ৰিয়ান পৰাগৰ অধিনায়কোচিত বেটিং; বিহাৰক ৩ উইকেটত হৰুৱালে অসমে
ঘটনাৰ পাছত এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই। বাগদাদৰ গ্ৰীণ জ’ন অঞ্চলত চৰকাৰী ভৱনৰ লগতে বিদেশী দূতাবাস আছে আৰু এইটো সকলো সময়তে নিৰাপত্তা বেষ্টনীৰে ঘেৰি থোৱা থাকে।
উল্লেখ্য যে ইৰাণৰ সৈতে সম্পৰ্ক গঢ়ি তোলা সশস্ত্ৰ বিদ্ৰোহী গোটৰ সমৰ্থকসকলে শেহতীয়াকৈ গ্ৰীণ জ’নৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকে বিগত মাহৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ বিৰোধিতা কৰি এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰি আছে।
অৱশ্যে আজিৰ ড্ৰোণ আক্ৰমণৰ ঘটনাৰ সৈতে এই বিদ্ৰোহী গোটসমূহৰ কিবা যোগসূত্ৰ আছে নে নাই তাৰ অনুসন্ধান চলাই থকা হৈছে।