দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত সামান্য বৃদ্ধি পাইছে। অৱশ্যে, কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাটো নিশ্চিত কৰাৰ মাজতে যোৱা ২৪ঘন্টাত সামান্য বৃদ্ধি পাইছে যদিও সেয়া ডেৰলাখৰ ভিতৰতে আছে।
বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৩৪ হাজাৰ ১৫৪ জন লোক। বুধবাৰে ক’ৰ’নাত আক্ৰান্ত হৈছিল ১ লাখ ৩২ হাজাৰ ৭৮৮ জন লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮৪লাখ ৪১ হাজাৰ ৯৮৬জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২হাজাৰ ৮৮৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
বুধবাৰে দেশত ৩ হাজাৰ ২০৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৩৭ হাজাৰ ৯৮৯জন।
যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ২লাখ ১১হাজাৰ ৪৯৯জন।
সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৬৩ লাখ ৯০হাজাৰ ৫৮৪জন লোক।
আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৭লাখ ১৩হাজাৰ ৪১৩জন।
বৰ্তমানলৈ দেশত ২২কোটি ১০ লাখ ৪৩হাজাৰ ৬৯৩জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।
বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ পথত আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।
আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।