NORTHEAST NOW (Assamese)

Covid-19 Update: দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ; পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম

January 13, 2022 2:08 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশত ক’ৰণাৰ দৈনিক সংক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছেসেইদৰে পজিটিভিটিৰ হাৰ আজি ১৩ শতাংশ অতিক্ৰম কৰিছে আৰু কৰ’নাৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা বৃদ্ধিয়ে স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে।

বিগত ২৪ ঘণ্টাত দেশত কভি পজিটিভিটিৰ হাৰ ১.১১ শতাংশ। কোভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পুনৰ দেশৰৰ স্বাস্থ্য ব্যৱস্থা ভাঙি পৰাৰ আশংকাই দেখা দিছে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে লাখ ৪৭ হাজাৰ ৪১৭ জন লোক। বুধবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ৯৪ হাজাৰ ৭২০ জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ হাজাৰ ৪৮৮ জন। ইয়াৰ ভিতৰত সুস্থা হৈ উঠিছে ২হাজাৰ ১৬২জন।

দেশত এতিয়ালৈ মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩ কোটি ৬ লাখ ৭ হাজাৰ ৯২৭জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৮০ জন লোকৰ মৃত্যু হৈছে। সামগ্ৰিকভাৱে দেশত মৃত্যু হোৱা কভিআক্ৰান্ত ৰোগীৰ সংখ্যা ৪ লাখ ৮ হাজাৰ ৫ জনলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৮৪ হাজাৰ ৮২৫ জন লোক। সেইদৰে দেশত এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৩ কোটি ৪ লাখ ১৫ হাজাৰ ৩৬২ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১১ লাখ ১৭ হাজাৰ ৫৩১ জন।

দেশত বৰ্তমানলৈকে ১৫৪ কোটি ৬১লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। সেইদৰে, এতিয়ালৈকে দেশত ৬৯কোটি ৭৩লাখ লোকৰ কৰ’না টেষ্ট কৰা হৈছে।  

Related News