মোদী শাসনত বৰবাদ হৈ গ’ল দেশ : ৰাহুল গান্ধী

867603-rahul-gandhi-bottlenecks.gif

ফাইল ফটো

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীয়ে পুনৰ এবাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।

ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনা কৰি কয় যে প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশখনক বৰবাদ কৰাৰ লগতে ভুল নীতিৰ বাবে সকলো ক্ষেত্ৰতে দুৰ্বল হৈ গৈ আছে।

বুধবাৰে এটা টুইট কৰি গান্ধীয়ে কয়, ‍‘আজি দেশ মোদীয়ে তৈয়াৰ কৰা ধংসৰ কৱলত। দেশৰ আজি জি ডি পি -২৩.৯ শতাংশ হৈছে। ৪৫ বছৰৰ ভিতৰত আজি সৰ্বাধিক নিবনুৱা। ১২ কোটিয়ে চাকৰি হেৰুৱালে’।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰি কয় যে ৰাজ্য চৰকাৰ সমূহে পাব লগা জি এছ টিৰ বকেয়া এতিয়াও আদায় দিয়া নাই।

অৰ্থনৈতিক দুৰৱস্থাৰ কথাৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ লগতে ৰাহুলে ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধত ব্যৰ্থ হোৱাক লৈও সমালোচনা কৰে।

ইয়াৰ উপৰি সীমাকেন্দ্ৰিক বিবাদ আৰু বহিৰাগত উগৰ্পন্থীৰ আক্ৰমণৰ ফলত ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাব লগীয়া হৈ থকা প্ৰসংগটো মোদী নেতৃত্বাধীন চৰকাৰক জগৰীয়া কৰে।