ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা সংস্কাৰৰ বিতৰ্কত জম্মু-কাশ্মীৰ সম্পৰ্কে পাকিস্তানে দিয়া মন্তব্যক ভাৰতে নাকচ কৰে আৰু পাকিস্তানে দাবী কৰা এই ভূখণ্ড ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰে।
অধিৱেশনত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে পাকিস্তানে বাৰে বাৰে জম্মু-কাশ্মীৰ সন্দৰ্ভত উত্থাপন কৰি শান্তি নিৰ্মাণৰ মূল আলোচনাৰ পৰা মনোযোগ আঁতৰাই নিয়াৰ চেষ্টাক গৰিহণা দিয়ে।
ভাৰতে স্পষ্ট ভাবে প্ৰকাশ কৰে যে এই মন্তব্যই পাকিস্তানৰ দাবীক বৈধতা প্ৰদান নকৰে, সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ চলোৱাও ন্যায্য নহয়। তেওঁ লগতে কয় যে জম্মু-কাশ্মীৰৰ এটা অংশ পাকিস্তানে দখল কৰাটো অবৈধ আৰু সেই অঞ্চল পাকিস্তানে খালী কৰিব লাগে।
ভাৰতে সঁহাৰি দিয়াৰ পৰা বিৰত থাকিলেও পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মঞ্চখন নিজৰ সংকীৰ্ণ আৰু বিভাজনকাৰী এজেণ্ডাৰ বাবে ব্যৱহাৰ কৰিব নালাগে বুলি মত প্ৰকাশ কৰে। শান্তিৰক্ষাৰ বহল বিষয়বস্তুৰ ওপৰত ভাৰতে আধুনিক প্ৰত্যাহ্বানৰ বাবে উপযুক্ত সংস্কাৰৰ আহ্বান জনায়।
ইয়াৰ উপৰিও ভাৰতে শান্তিৰক্ষাত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। আৰু উন্নয়নশীন দেশসমূ্হৰ মহিলা শান্তিৰক্ষীসকলৰ বাবে প্ৰথমবাৰৰ বাবে সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত ভাৰতে লোৱা পদক্ষেপৰ দিশটোলৈ আঙুলিয়াই দিয়ে।