স্বস্তি! দেশত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ৩লাখৰ তললৈ হ্ৰাস; বৃদ্ধি পালে আৰোগ্যৰ হাৰ

Third COVID-19 wave may not happen if we take strong measures, says Centre

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না সংক্ৰমণৰ ঘটনা একেৰাহে চাৰিদিন ধৰি নিম্নগামী হৈছে। সেইদৰে দেশত কৰ’না আৰোগ্যৰ হাৰো উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। কৰ’নাৰ বৰ্তমান পৰিস্থিতিত এয়া এক স্বস্তিৰ খৱৰ বুলি ক’ব পাৰি।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৮১ হাজাৰ ৩৮৬ জন লোক।

দেওবাৰৰ তুলনাত বহুখিনি কমিছে আক্ৰান্তৰ সংখ্যা। দেওবাৰে দেশত ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩ লাখ ১১ হাজাৰ ১৭০ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ২কোটি ৪৯লাখ ৬৫হাজাৰ ৪৬৩জনলৈ বৃদ্ধি পাইছে।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪ হাজাৰ ১০৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৭৪ হাজাৰ ৩৯০ জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ৭৮ হাজাৰ ৭৪১ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ১১লাখ ৭৪হাজাৰ ৭৬জন লোক।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৫লাখ ১৬হাজাৰ ৯৯৭জন।

বৰ্তমানলৈ দেশত ১৮কোটি ২৯ লাখ ২৬ হাজাৰ ৪৬০ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, সোমবাৰৰ পৰা DRDOয়ে প্ৰস্তুত কৰি উলিওৱা প্ৰথম বেটছৰ ২-ডিজি (2-DG বা 2-deoxy-D-glucose) ঔষধ দেশৰ হাস্পাতালসমূহ সৰবৰাহ আৰম্ভ হ’ব। প্ৰথমতে দিল্লীৰ বিভিন্ন হাস্পাতালত ১০হাজাৰ ড’জ প্ৰদান কৰা হ’ব।