NORTHEAST NOW (Assamese)

পুনৰ ক’ভিদ: ২৪ ঘন্টাত ৮৬২ জন আক্ৰান্তক চিনাক্ত

October 25, 2022 7:53 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ বৃদ্ধি পাইছে ক’ভিদ সংক্ৰমণ। আকৌ হ’ব নেকি লক ডাউন! মঙলবাৰে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে বিগত ২৪ ঘন্টাত ভাৰতত ৮৬২ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিদ ভাইৰাছ।

লগতে বিগত ২৪ ঘন্টাত আন ১৫০৩ গৰাকী আক্ৰান্ত ব্যক্তি আৰোগ্য হৈ উঠিছে বুলি জানিলৈ দিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।

ভাৰতত কোভিভ সংক্ৰমণ চিনাক্ত হোৱাৰ পৰা মঙলবাৰলৈকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱা ক’ভিদৰ শেহতীয়া তথ্য :

• ক’ভিদৰ পৰা আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,৪০,৯৩,৪০৯ জন।

• প্ৰত্যেকদিনাই ক’ভিদ পজিটিভৰ হাৰ হৈছে ১.৩৫ শতাংশ।

• মঙলবাৰৰ ৰাতিপুৱালৈকে ভাৰতত এতিয়ালৈকে ২১৯.৫৬ টা ক’ভিদৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।

• এতিয়ালৈকে ১২ ৰ পৰা ১৪ বছৰৰ মাজৰ ৪,১২,৩৫,৯৭১ গৰাকী কিশোৰ-কিশোৰীক ক’ভিদৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

Related News