NORTHEAST NOW (Assamese)

দেশত ক’ৰ’ণা আক্ৰান্তৰ সংখ্যাই ১৩ লাখৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম

July 24, 2020 4:39 pm · এন ই নাও নিউজ
Updated: July 24, 2020 4:41 pm

বাৰিষা নৈৰ পানী বঢ়া দি বাঢ়িছে দেশত ক’ৰ’ণা  ৰোগীৰ সংখ্যা। ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানক থকা ভাৰতত ক’ৰ’ণা ৰোগীৰ সংখ্যাই ১৩ লাখৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম ঘটিছে।

চৰকাৰৰ নেৰা নেপেৰা চেষ্টাৰ পিছতো দেশত হ্ৰাস পোৱা নাই ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই বাৰ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

মুঠ বাৰ লাখৰ ভিতৰৰে ৮,১৭,২০৮ গৰাকী লোক ইতিমধ্যে ক’ৰ’ণাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে বৃহস্পতিবাৰে মাজ নিশা প্ৰকাশ কৰিছে এই তথ্য।

ইতিবাচক কথাটো হ’ল যিটো সময়ত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে আমেৰিকাৰ দৰে উন্নত দেশত আই চি ইউ, ভেন্টিলেটৰৰ অভাৱ হোৱা বুলি বাতৰি ওলাইছে সেই সেই সময়ত পিছে ভাৰতবৰ্ষত আই চি ইউত ভৰ্তি কৰোৱাবলগীয়া ৰোগীৰ সংখ্যা মাত্ৰ ২ শতাংশ।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৪৯ হাজাৰ ৩১০গৰাকী।২৪ ঘন্টাত মৃত্যু ঘটিছে ৭৪০ গৰাকী ৰোগীৰ।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১২,৮৭,৯৪৫ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ৩০,৬০১ গৰাকী লোকৰ। ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰোগমুক্ত হোৱা লোকৰ সংখ্যা ৮,১৭,২০৮ গৰাকী।

ক’ৰ’ণাৰ মহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আজি ৮ খন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়াৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কথা পাতে

Related News