NORTHEAST NOW (Assamese)

সকাহ! পুনৰ দেশত দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যাও পালে হ্ৰাস

June 4, 2021 10:27 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত আৰু হ্ৰাস পাইছে। সেইদৰে, হ্ৰাস পাইছে কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যাও।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাটো নিশ্চিত কৰাৰ মাজতে যোৱা ২৪ঘন্টাত পুনৰ হ্ৰাস পাইছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৩২ হাজাৰ ৩৬৪ জন লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১ লাখ ৩৪ হাজাৰ ১৫৪ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮৫লাখ ৭৪ হাজাৰ ৩৫০জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২হাজাৰ ৭১৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। আনহাতে, বৃহস্পতিবাৰে দেশত ২হাজাৰ ৮৮৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৪০ হাজাৰ ৭০২জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ২লাখ ৭হাজাৰ ৭১জন। দেশত আৰোগ্যৰ হাৰ হৈছে ৯৩শতাংশ।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৬লাখ ৩৫হাজাৰ ৯৯৩জন।

বৰ্তমানলৈ দেশত ২২কোটি ৪১ লাখ ৯হাজাৰ ৪৪৮জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ পথত আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

Related News