NORTHEAST NOW (Assamese)

হাম দো হামাৰে দো : কেন্দ্ৰ চৰকাৰক ৰাহুল গান্ধীৰ কটাক্ষ

February 12, 2021 8:05 am · এন ই নাও নিউজ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া অৰ্থনৈতিক নীতি আৰু কৃষি আইনক কঠোৰ সমালোচনা কৰে।

গান্ধীয়ে কয় যে “হাম দো, হামাৰে দো’’ (আমি দুজন, আমাৰ দুজন) শ্লোগানটোক মোদী চৰকাৰে নতুন অৰ্থ প্ৰদান কৰিছে। উক্ত শ্লোগানটো পূৰ্বৰ চৰকাৰসমূহে পৰিয়াল পৰিকল্পনা নীতিৰ শ্লোগান হিচাপে ব্যৱহাৰ কৰিছিল।

“দেশখন চাৰিজন লোকে নিয়ন্ত্ৰণ কৰি আছে। হাম দো, হামাৰে দো।” কাৰো নাম উল্লেখ নকৰাকৈ গান্ধীয়ে কয়। “এই হাম দো হামাৰে দো বিমূদ্ৰাকৰণৰ পৰা চলি আহিছে। তাৰপাছত জিএছটি আহিল। তাৰপাছত আহিল কভিড-১৯। প্ৰব্ৰজিত শ্ৰমিকসকলে ঘৰলে ঘূৰি যাবলে এটা বাছ অথবা ট্ৰেইনৰ টিকেটৰ অনুৰোধ কৰিছিল, কিন্তু তেওঁলোকক খোজকাঢ়ি যাবলে কোৱা হ’ল।”

কৃষি আইনৰ বিৰোধে দেশজুৰি চলি থকা কৃষক আন্দোলনক গান্ধীয়ে দেশখনৰ অস্তিত্বৰ সংগ্ৰাম হিচাপে অভিহিত কৰি কয় যে কৃষি আইনখনে দেশখনৰ খুচুৰা গ্ৰাম্য অৰ্থনীতিক বিধ্বস্ত কৰিব।

তদুপৰি কৃষক আন্দোলনটোত মৃত্যু হোৱা ২০০ জন কৃষকৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই ৰাহুল গান্ধীসহিতে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু দিএমকেৰ সাংসদসকলে থিয় হৈ দুই মিনিট মৌনপ্ৰাৰ্থনা কৰে।

Related News