NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ চিকিৎসা আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে কুৱেইটলৈ ভাৰতৰ ১৫ জনীয়া চিকিৎসকৰ দল প্ৰেৰণ

April 11, 2020 9:14 pm · এন ই নাও নিউজ
কুৱেইটলৈ ভাৰতৰ সাহায্য

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰতে অন্যান্য দেশ সমূহলৈ সাহায্য আৰু সহায় অব্যাহত ৰাখিছে।

ভাৰতৰ এটা ১৫ জনীয়া চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলে আজি কুৱেইটত উপস্থিত হয়।

স্বাস্থ্য কৰ্মীৰ দলটোৱে কুৱেইটত দুই সপ্তাহ থাকিব আৰু দেশখনত চিকিৎসা সহায়ৰ উপৰিও ক’ৰ’না ভাইৰাছৰ টেষ্টিং আৰু চিকিৎসাৰ বাবে কুৱেইটৰ চিকিৎসক সকলক প্ৰশিক্ষণ প্ৰদান কৰিব।

ক’ৰ’না ভাইৰাছ মহামাৰীৰ সৈতে সংঘবদ্ধ হৈ যুদ্ধ কৰাৰ বাবে দুয়োখন দেশৰ শীৰ্ষ নেতৃত্বই সহমত প্ৰকাশ কৰাৰ পাছতে ভাৰতে চিকিৎসকৰ দলটো কুৱেইটলৈ প্ৰেৰণ কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভাৰতে মালদ্বীপ আৰু ইৰাণলৈ চিকিৎসকৰ দল প্ৰেৰণ কৰিছিল।

আনহাতে, ভাৰতে বিশ্বৰ ২৫ খন দেশলৈ হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

তদুপৰি, বিগত জানুৱাৰী মহাত চীনত যেতিয়া ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছিল সেই সময়তো ভাৰতে চীনলৈ ঔষধ আৰু প্ৰয়োজনীয় মাস্ক আদি সামগ্ৰী সহায়ৰ বাবে প্ৰেৰণ কৰিছিল।

Related News