গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল: দৰ্শন লাভৰ আশাত ভিৰ অনুৰাগীৰ

India vs South Africa

ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ দেওবাৰে অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। এই মেচখনৰ বাবে আজি বিশেষ চাটাৰ্ড বিমানেৰে গুৱাহাটীত উপস্থিত হৈছে দল দুটা।

বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে দল দুটাৰ সদস্য সকলক বাছ যোগে হোটেললৈ লৈ যোৱা হয়। প্ৰিয় তাৰকা সকলক সমুখৰ পৰা চোৱাৰ মানসেৰে পথৰ দাঁতিত ভিৰ কৰে অনুৰাগী সকলে।

উল্লেখ্য যে দীৰ্ঘদিনৰ বিৰতিৰ পিছত ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীসকলে লাভ কৰিছে আন্ত:ৰাষ্ট্ৰীয় মেচ উপভোগৰ সুযোগ। গতিকে স্বাভাৱিকতেই ক্ৰিকেটপ্ৰেমী সকলৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসুকতাৰ।

ইয়াৰ পূৰ্বে অন্তিমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচ উপভোগ কৰাৰ সুযোগ পাইছিল অসমৰ ক্ৰিকেট প্ৰেমীসকলে।

আনহাতে ২০২০ চনত প্ৰতিকূল বতৰ আৰু অসম ক্ৰিকেট সন্থাৰ প্ৰস্তুতিৰ অভাৱ তথা ব্যৰ্থতাৰ ফলত বাতিল হৈছিল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ মেচ।

ইফালে ২ অক্টোবৰত গুৱাহাটীত বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ আগজাননী দিছিল। ফলত ক্ৰিকেট অনুৰাগীসকলৰ মনত সেই দিনাই অনুষ্ঠিত হ’বলগীয়া মেচখনৰ সম্ভাৱনীয়তাক লৈ সংশয়ো গঢ় লৈ উঠিছে।

উল্লেখ্য যে তিনিখনীয়া মেচ শৃংখলাটোৰ প্ৰথমখন মেচত ভাৰতে ভ্ৰমণকাৰী দলটোক সহজে আঠ উইকেটত পৰাস্ত কৰি ১-০ ৰ অগ্ৰগতি লাভ কৰিছে। দেওবাৰৰ দ্বিতীয়খন মেচৰ পাছত অন্তিমখন মেচ মঙলবাৰে ইন্দোৰত অনুষ্ঠিত হ’ব।