NORTHEAST NOW (Assamese)

আফগানিস্তান শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দলঃ উভতিল ৰোহিত-কোহলী

January 7, 2024 8:43 pm · এন ই নাও নিউজ, গুৱাহাটী

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত আজি ঘোষণা কৰা হ’ল আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল। চৰ্চা চলি থকাৰ দৰেই অৱশেষত দললৈ ঘূৰিল দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলী।

আনহাতে দলৰ দুই তাৰকা বলাৰ জছপ্ৰিত বুমৰাহ আৰু মহম্মদ চিৰাজক এই শৃংখলাৰ বাবে জিৰণি দিয়া হৈছে। লগতে ৰাহুল, জাদেজাৰ দৰে অভিজ্ঞ তাৰকাকো এই শৃংখলাটোত জিৰণি দিয়াৰ সিদ্ধান্ত লয় বিচিচিআয়ে।

ইফালে আঘাতৰ বাবে টি-২০ত বিশ্বৰ শীৰ্ষস্থানৰ তাৰকা সূৰ্যকুমাৰ যাদৱ, পেচাৰ মহম্মদ ছামি আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া শৃংখলাটোৰ বাবে দলত উপলব্ধ নহ’ব। অলৰাউণ্ডাৰ শিৱম ডুবেৰ পুনৰ প্ৰত্যাৱৰ্তন ঘটিছে জাতীয় দললৈ।

দলটোত পেচাৰ হিচাপে অন্তৰ্ভুক্ত হৈছে অৰ্শদীপ সিং, আভেশ খান আৰু মুকেশ কুমাৰ। জিতেশ শৰ্মা আৰু সঞ্জু চেমছন উইকেটকীপাৰ হিচাপে দলত থাকিব। ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবি বিষ্ণৈ আৰু কুলদীপ যাদৱৰ ৰূপত থাকিব চাৰিগৰাকী স্পিনাৰ।

সম্পূৰ্ণ দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা, সঞ্জু চেমছন, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবি বিষ্ণৈ, কুলদীপ যাদৱ, অৰ্শদীপ সিং, আভেশ খান, মুকেশ কুমাৰ।

Related News