NORTHEAST NOW (Assamese)

মোদীনমিকছৰ বিষম ফল! দেশত ছপা বন্ধ ২০০০ টকীয়া মুদ্ৰাৰ

January 3, 2019 9:41 pm · এন ই নাও নিউজ
ছবি- ThePrintৰ সৌজন্যত।

নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত দেশৰ বাবে বিপৰ্য্যয়হে হ’ল বুলি বৰ্ষিত তীব্ৰ সমালোচনাৰ পিছত এইবাৰ প্ৰধান মন্ত্ৰী প্ৰৱৰ্তিত ২০০০ টকীয়া মুদ্ৰাৰ ছপাই বন্ধ হ’ল ভাৰতত।

প্ৰিণ্টৰ সৌজন্যত।

মুদ্ৰাবিধ বন্ধ কৰি দিয়া হোৱা নাই, কিন্তু পৰ্য্যায়ক্ৰমে ইয়াৰ প্ৰচলন নোহোৱা কৰিবৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় সূত্ৰৰ ভিত্তিত এই খবৰ প্ৰকাশ কৰিছে Print.in-এ। ৰিজাৰ্ভ বেংকৰ শেহতীয়া কেইবা মাহৰো তথ্যৰ আধাৰত দেশত বৰ্তমান প্ৰচলিত মুঠ মুদ্ৰাৰ অংশ হিচাপে ২০০০ টকীয়া ক্ৰমাৎ হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰিছে প’ৰ্তেলটোৱে।

উচ্চ মূল্যৰ এই ন’টবিধ ক’লাধন জমাৰ বাবে ব্যৱহৃত হোৱাৰো সন্দেহ কৰা হৈছে। বিমুদ্ৰাকৰণৰ সময়ত ক’লাধন নিৰ্মূলৰ আশ্বাসেৰে উচ্চমূল্যৰ পাঁচশ/ এহেজাৰ টকীয়া মুদ্ৰা বন্ধ কৰি তাতোতকৈয়ো উচ্চ মানৰ ২০০০ টকীয়া মুদ্ৰাৰ প্ৰৱৰ্তন কৰাক লৈ বিৰোধী কংগ্ৰেছৰ লগতে বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছিল মোদী।

প্ৰিণ্টৰ সৌজন্যত।

বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ সৰ্বাধিক মূল্যমানৰ মুদ্ৰাবিধৰ প্ৰচলন হ্ৰাস পোৱাৰ বিপৰীতে দেশত বৃদ্ধি পাইছে ৫০০ টকীয়া মুদ্ৰা। ২০১৭ চনৰ মাৰ্চত ৫০০ টকীয়া দেশৰ মুঠ মুদ্ৰাৰ ২২.৫ শতাংশ হোৱাৰ বিপৰীতে ’১৮ৰ মাৰ্চত এই অংশ ৪২.৯ শতাংশলৈ বৃদ্ধি পাইছে।

বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ বাবে প’ৰ্তেলটোৱে মুদ্ৰা ছপাকাৰী ৰিজাৰ্ভ বেংকৰ লগত ই মে’ইলযোগে যোগাযোগ কৰিছে যদিও বৃহস্পতিবাৰলৈকে স্পষ্টীকৰণ দিয়া নাই দেশৰ কেন্দ্ৰীয় বেংকটোৱে।

Related News